ধেমাজি,২২ নৱেম্বৰ :বিপদত ধেমাজিৰ এজন ইউটিউবাৰ (Dhemaji Youtuber in trouble)। প্ৰেমিকাৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ৰঙাঘৰত সোমাল ইউটিউবাৰজন । পিছে জেললৈ যোৱাৰ পূৰ্বে আৰক্ষীয়ে যুৱকজনক নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ অভিযোগ যুৱকৰ পৰিয়ালৰ । আৰক্ষী থানাত যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ চিচিবৰগাওঁ আৰক্ষীৰ বিৰুদ্ধে (Allegation against Dhemaji Police)।
উল্লেখ্য যে ধেমাজি জিলাৰ চিচিবৰগাওঁ আৰক্ষী চকীৰ অন্তগৰ্ত নিলখপুৰ গাৱঁৰ যুৱক নৱজ্যোতি দত্তৰ এটা ইউটিউব চেনেল আছে । য'ত তেওঁৰ প্ৰেমিকাইও অভিনয় কৰিছিল । কিন্তু প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল । অভিযোগৰ ভিত্তিত শেহতীয়াকৈ চিচিবৰগাওঁ আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল (Dhemaji Youtuber arrested)।
গ্ৰেপ্তাৰ কৰি ইতিমধ্যে যুৱকজনক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । কিন্তু গ্ৰেপ্তাৰৰ পাছতে যুৱকজনক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে অভিযুক্ত যুৱকজনৰ পৰিয়ালে । চিচিবৰগাওঁ আৰক্ষী চকীৰ কনিষ্টবল অৰূপ ভূঞা আৰু হৰেণ দিহিঙীয়াই আচামী ইউটিউবাৰ নৱজ্যোতি দত্তক জেললৈ প্ৰেৰণ কৰাৰ পূৰ্বে অতি নিৰ্দয়ভাৱে মাৰপিট কৰি গুৰুতৰভাৱে আঘাত কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে (Dhemaji police beat up detained youth) ৷