ধেমাজি, 4 মাৰ্চ: ৰাজ্যজুৰি নতুন শিক্ষানীতিৰ আধাৰত 3 মাৰ্চৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023) ৷ মেট্ৰিক পৰীক্ষাৰ পিচত ইংৰাজী বিভাগৰ প্ৰশ্নকাকতৰ ফটো ফাদিল হোৱাৰ পিচতে এইবাৰ শিক্ষামন্ত্ৰীৰ সমষ্টিত আটক হ’ল এগৰাকী ভুৱা মেট্ৰিক পৰীক্ষাৰ্থী (Fake hslc candidate detained) ৷
জানিব পৰা মতে শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আটক হ’বলগীয়া হ’ল পৰীক্ষাৰ্থীৰ ৰূপত অৱতীৰ্ন হোৱা এগৰাকী বোৱাৰী ৷ যি সময়ত বোৱাৰীয়েকৰ হাতত শাহুৱেকৰ মৃত্যু হ’বলগীয়া হৈছে সেই সময়তে এইগৰাকী বোৱাৰীৰ মহানুভৱতাই আপোনাকো ভাবিবলৈ বাধ্য কৰিব (Daughter in law detained)৷
এই ঘটনা ধেমাজিৰ জীয়াধল উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ ৷ পূৱ জীয়াধল হাইস্কুলৰ পৰীক্ষাৰ্থী আছিল শদিয়াৰ অমৰপুৰৰ বাসিন্দা জবাৰানী চন্দী ৷ কিন্তু জীয়াধল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত শাহুৱেকৰ হৈ পৰীক্ষা দিবলৈ গ’ল জবাৰনী চন্দীৰ বোৱাৰী আইতেশ্বৰী পেগু ৷ নীৰিক্ষকে এডমিট কাৰ্ড পৰীক্ষা কৰাৰ সময়ত এডমিট কাৰ্ডত থকা ফটো আৰু পৰীক্ষা দিয়া প্ৰাৰ্থীগৰাকীৰ চেহেৰাৰ অমিল দেখি কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াক এই কথা অৱগত কৰে ৷
আৰক্ষীৰ সোধা পোচাৰ অন্তত বোৱাৰীয়েক আইতেশ্বৰী পেগুৱে স্বীকাৰ কৰে যে শাহুৱেকৰ হৈ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহিছিল তেওঁ ৷ লগে লগে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই ধেমাজি সদৰ থানাত এই বিষয়ে এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে দুই শাহু-বোৱাৰী ক্ৰমে জবাৰানী চন্দী আৰু আইতেশ্বৰী পেগুক আটক কৰে ৷ পৰীক্ষাৰ্থী গৰাকীৰ Roll B23- 0234 আৰু N0 209 ৷