অসম

assam

By

Published : Jun 19, 2020, 10:28 PM IST

ETV Bharat / state

ধেমাজিত এটা পৰিয়ালক বিচাৰি হাহাকাৰ প্ৰশাসনৰ

ধেমাজিত এটা কোভিড ১৯আক্ৰান্ত পৰিয়ালক বিচাৰি হাহাকৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষী । ভুৱা ঠিকনা দি বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল পৰিয়ালটো । অৱশেষত আৰক্ষীৰ জালত ।

ধেমাজিত বহি ৰাজ্যৰ পৰা আহি হ'ম কোৱাৰেইন্টাইন থকা এটা পৰিয়ালক বিছাৰি হাহাকাৰ  প্ৰশাসনৰ
ধেমাজিত বহি ৰাজ্যৰ পৰা আহি হ'ম কোৱাৰেইন্টাইন থকা এটা পৰিয়ালক বিছাৰি হাহাকাৰ প্ৰশাসনৰ

ধেমাজি,১৯ জুনঃ ধেমাজি জিলাত বহি ৰাজ্যৰ পৰা আহি হোম কোৱাৰেন্টাইন থকা এটা পৰিয়ালৰ ভুল ঠিকনাক লৈ হাহাঁকাৰ ধেমাজি স্বাস্থ্য বিভাগত।গাজিয়াবাদৰ পৰা ধেমাজিলৈ নিজৰ ১১ মহীয়া সন্তান,স্বামী আৰু আন এজন পুত্ৰৰ সৈতে অহাৰ পিছত ১১ মহীয়া সন্তান থকাৰ বাবে কোৱাৰেন্টাইন চেন্টাৰৰ পৰিৱৰ্তে হোম কোৱাৰেন্টাইনত থাকিবলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু ধেমাজিত তেওঁলোকৰ স্বাৱ সংগ্ৰহ কৰাৰ সময়ত পৰিয়ালটোৱে নিজৰ ঠিকনা পাচিঘাট বুলি ভূৱাকৈ উল্লেখ কৰে ।

ধেমাজিত বহি ৰাজ্যৰ পৰা আহি হ'ম কোৱাৰেইন্টাইন থকা এটা পৰিয়ালক বিছাৰি হাহাকাৰ প্ৰশাসনৰ

ইপিনে পৰিয়ালটোৰ মহিলা স্বেতা দেৱীৰ আজি covid 19 পজিটিভ ধৰা পৰাৰ লগে লগে তেওঁক বিচাৰি হাবাথুৰি খায় স্বাস্থ্য বিভাগ আৰু আৰক্ষী। অৱশেষত এক গোপন সূত্ৰৰ পম খেদি ধেমাজি আৰক্ষীয়ে ৩ দিন ধৰি চিলাপথাৰত আত্মগোপন কৰি থকা পৰিয়ালটোৰ সন্ধান পাই তেওঁলোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । প্ৰথমে চিলাপথাৰৰ হোটেল প্ৰদীপৰ ১৪ নং কোঠাত আছিল পৰিয়ালটো আৰু পৰৱৰ্তী সময়ত কোনো চিনাকী ব্যক্তিৰ ঘৰত আশ্ৰয় লৈ আছিল।

ধেমাজিত বহি ৰাজ্যৰ পৰা আহি হ'ম কোৱাৰেইন্টাইন থকা এটা পৰিয়ালক বিছাৰি হাহাকাৰ প্ৰশাসনৰ

আনহাতে মহিলাগৰাকীৰ covid 19 ধৰা পৰাৰ বাবে মহিলাগৰাকীৰ লগতে স্বামী,১১ মহীয়া সন্তান আৰু ডাঙৰ পুত্ৰ মুঠ ৪ জনকে চিকিৎসালয়লৈ লৈ অনা হয় কিছু সময়ৰ পূৱে । এই বিষয়টোৱে এতিয়া মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে ধেমাজি প্ৰশাসনৰ । কাৰণ বিগত ৩ দিনত তেওঁলোকে চিলাপথাৰৰ বিভিন্ন স্থানত ঘুৰি ফুৰিছিল ৷ উল্লেখ্য যে আৰক্ষীয়ে প্ৰকাশ কৰামতে মহিলাগৰাকীৰ স্বামী সত্যবিৰ পাণ্ডে গাজিয়াবাদৰ এগৰাকী দাগী অপৰাধী ।

লগতে পঢকঃ দেশৰ অন্যান্য প্ৰান্তৰ লগতে লামডিঙতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details