ধেমাজি,13ছেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধেমাজি জিলাৰ বিভিন্ন ঠাইত একাংশ অসাধু ব্যৱসায়ীয়ে চলাই নিছে অৰুণাচলী সুৰাৰ এক ৰমৰমীয়া বেহা ৷
ধেমাজিত আবকাৰী বিভাগৰ অভিযানঃজব্দ অৰুণাচলী সুৰা শনিবাৰে ধেমাজি জিলাৰ চিলাপথাৰৰ আৰক্ষী থানাৰ অধীনৰ অসম - অৰুণাচল সীমান্তৰ লিকাবালিৰ মাজগাঁও আৰু কুলাজান অঞ্চলত আবকাৰী বিভাগৰ এটা দলে অতৰ্কিতে চলায় একঅভিযান ৷
ধেমাজিত আবকাৰী বিভাগৰ অভিযানঃজব্দ অৰুণাচলী সুৰা আবকাৰী বিভাগৰ দলটোৱে অভিযানত জব্দ কৰে বহু পৰিমাণৰ অৰুণাচলী সুৰা ৷ তদুপৰি আবকাৰী বিভাগে সুৰা প্ৰস্তুত কৰা বহু সামগ্ৰীও জব্দ কৰে ৷ ইপিনে সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ এই অভিযানক শলাগ লৈছে অঞ্চলবাসী ৰাইজে ৷
লগতে পঢ়কঃসৰ্বভাৰতীয় পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ সাজু কৰা হ’ব দৰিদ্ৰ ছাত্ৰক