অসম

assam

ETV Bharat / state

ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বজাৰত জুই - essential commodity price hike in dhemaji

ধাৰাবাহিক বন্ধৰ অন্ততঃ শুকুৰবাৰৰ পৰাহে সম্পূৰ্ণ ৰূপে ধেমাজি চহৰৰ পৰিৱেশ স্বাভাৱিক হৈ পৰিছে ৷ বন্ধৰ সময়ছোৱাত বৃদ্ধি পোৱা অত্যৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকশলংঘী মূল্যবৃদ্ধি বৰ্তমানেও হ্ৰাস পোৱা নাই ।

essential commodity price hike in dhemaji
ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বজাৰত জুই

By

Published : Dec 20, 2019, 8:06 PM IST

ধেমাজি,20 ডিচেম্বৰ :ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বজাৰত জুই । ধাৰাবাহিক বন্ধৰ অন্ততঃ শুকুৰবাৰৰ পৰাহে সম্পূৰ্ণ ৰূপে ধেমাজি চহৰৰ পৰিৱেশ স্বাভাৱিক হৈ পৰিছে ৷ বন্ধৰ সময়ছোৱাত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি বৰ্তমানেও হ্ৰাস পোৱা নাই। খুচুৰা,পাইকাৰী সকলোতে খাদ্য সামগ্ৰী উৰ্ধমুখী চৰা দামে ৰাম টাঙোন সোধাইছে জনসাধাৰণক। ধেমাজিৰ সদাব্যস্ত ১নং দৈনিক বজাৰ,২নং নলনি পাম বজাৰৰ খুচুৰা বিপনীত এতিয়া পিয়াঁজৰ মূল্য 150ৰ 180 টকা ,আলু 35ৰ পৰা 45 টকা,মিঠাতেল 92ৰ পৰা 120 টকা,কণী প্লেট 200ৰ পৰা 220 টকা। অনুৰূপভাৱে বৃদ্ধি পাইছে বিভিন্ন পাচলিৰ দা। ইপিনে বজাৰৰ খাদ্য সামগ্ৰীৰ এনে উৰ্ধমুখী দামক লৈ সম্পূৰ্ণ উদাসীন ৰাজ্যৰ যোগান বিভাগ। আগন্তক 4/5 দিনৰ ভিতৰত ধেমাজিৰ বজাৰত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী উপলব্ধ হ'ব আৰু মূল্যবৃদ্ধি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।

ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বজাৰত জুই

For All Latest Updates

ABOUT THE AUTHOR

...view details