জোনাই, ১২ ছেপ্টেম্বৰ:জোনাইত লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ কিম্বা জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো গুৰুত্ব নিদিয়াত নৈপৰীয়া ৰাইজে এইবাৰ হাতে কামে লাগিল ৷ জোনাইৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং কয়লা আলি ৱাৰ্ডত ৰাইজে দীৰ্ঘ দিনৰ পৰা নদীৰ খহনীয়াত আক্ৰান্ত হৈ আছে ৷
প্ৰতিবছৰে অঞ্চলটোৰ কেকন দিখাৰী, কয়লা আলি মিচিং কাংকান, ২ নং কয়লা আলি বৰ্মন গাঁও,৩ নং কয়লা আলি বড়ো গাঁও, ৩ নং কয়লা আলি মিচিং গাঁও, কয়লা আলি আনু চাপৰি, কয়লা আলি হাবি গাঁও আৰু কয়লা আলি বিষ্ণুপুৰ গাঁৱৰ বহু পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি, বাটপথ আদি জাহ গৈছে লালী নদীৰ বান-খহনীয়াত ৷ তেনেদৰে প্ৰতি বছৰে বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি লালী নদীৰ খহনীয়াত জাহ যোৱাত বহু পৰিয়াল হৈ পৰিছে ভূমিহীন ।
বহুতো পৰিয়ালে নিজৰ আপোন ঘৰখন ভাঙি খহনীয়াৰ আতংকত ঢাপলি মেলিলে নিৰাপদ আশ্ৰয় স্থানৰ সন্ধানত ৷ যাৰ ফলত মঙলবাৰে পুৱা ৯ বজাৰ পৰা কয়লা আলি অঞ্চলৰ ৰাইজে ওলাই আহি চৰকাৰ কিম্বা জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি নিজৰ ঘৰবাৰী, মাটি-ভেটি, সম্পত্তি আৰু জীৱন ৰক্ষাৰ উদ্দেশ্যে ৰাইজৰ দান-বৰঙণি আৰু শ্ৰমদানেৰে লালী নদীত বাঁহৰ খুঁটি পুতি গছৰ ডাল পেলাই লালী নদীৰ সোঁত সলাই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে নৈপৰীয়া ৰাইজে ৷