জোনাই, 11 জুলাই : জোনাই কবু চাপৰিত অব্যাহত আছে চিয়াং নৈৰ ভয়াৱহ (Erosion) গৰাখহনীয়া ৷ চিয়াং আৰু নিউ চিয়াং নামে নৈ দুখনৰ প্ৰবল বান আৰু খহনীয়াৰ ফলত অস্তিত্বৰ গৰাহত নদীদ্বীপ কবু চাপৰি ৷ বিগত কেইবাদিন ধৰি হোৱা বৰষুণৰ ফলত কবু চাপৰিত বৃদ্ধি পাইছে চিয়াং নৈৰ (Siang River) জলপৃষ্ঠ ৷
ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চিয়াং নৈৰ খহনীয়াই ৷ ইতিমধ্যে নৈখনৰ খহনীয়াৰ কবলত পৰি বহু পৰিয়ালৰ মাটি-ভেটিৰ লগতে নৈখনৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমি ৷ জোনাইৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং আৰু ২নং ৱাৰ্ড দুটা চিয়াং নৈৰ (Siang River) খহনীয়াত বিলীন হৈ গৈছে ৷