অসম

assam

ETV Bharat / state

জোনাইৰ কবু চাপৰিত চিয়াঙৰ ভয়াৱহ খহনীয়া - বৃদ্ধি পাইছে বান গৰাখহনীয়াৰ প্ৰকোপ

ভৰ বাৰিষা আৰম্ভ হোৱা লগে লগে ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে বান-গৰাখহনীয়াৰ প্ৰকোপ ৷ ইতিমধ্যেই বানত বুৰ গৈছে ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহৰ বিস্তীৰ্ণ অঞ্চল ৷ ইয়াৰ মাজতে বানত নিচিহ্ন হোৱাৰ পথত জোনাইৰ এটা নদী চাপৰি ৷

erosion-by-siang-river-at-jonai
জোনাইৰ কবু চাপৰিত চিয়াঙৰ ভয়াৱহ খহনীয়া

By

Published : Jul 6, 2021, 10:22 PM IST

জোনাই, ৬ জুলাই : ক'ভিড ভয়াৱহতাৰ মাজতে জোনাই কবু চাপৰিত অব্যাহত আছে চিয়াঙৰ ভয়াৱহ বান-খহনীয়া ৷ চিয়াং আৰু নিউ চিয়াং নামে নৈ দুখনৰ প্ৰৱল বান আৰু খহনীয়াত বৰ্তমান অস্তিত্বৰ গৰাহত পৰিছে নদী দ্বীপ কবু চাপৰি ৷ যোৱা কিছু দিনৰ পৰা কবু চাপৰিত বৃদ্ধি পাইছে চিয়াঙৰ বান আৰু খহনীয়াৰ প্ৰকোপ ৷ ভৰ বাষিয়া আৰম্ভ হোৱাৰ লগে লগে কাল ৰূপ ধাৰণ কৰিছে চিয়াঙে ৷

উল্লেখ্য যে, চিয়াঙৰ বিধ্বংসী ৰূপৰ বাবে ইতিমধ্যেই অঞ্চলটোৰ বহু লোকৰ ঘৰ-বাৰী, কৃষি ভূমি চিয়াঙৰ বুকুত বিলীন হৈছে ৷ চিয়াঙৰ খহনীয়াৰ কৱলত পৰি ইতিমধ্যেই চিৰ দিনৰ বাবে হেৰাই গৈছে চিলে গাঁও পঞ্চায়তৰ অৰ্ন্তগত 1 নং আৰু 2 নং ৱাৰ্ড দুটা ৷ ইয়াৰ মাজতে যোৱা এসপ্তাহত চিয়াঙৰ খহনীয়াত 30 টাৰো অধিক পৰিয়ালৰ ঘৰ-বাৰী চিয়াঙৰ বুকুত জাহ গৈছে ৷ কেইবাটাও পৰিয়ালে নিজৰ ঘৰ বাৰী হেৰুওৱাৰ লগতে শ-শ হেক্টৰ কৃষি ভূমি নদীৰ বুকুত বিলীন হৈ গৈছে ৷

জোনাইৰ কবু চাপৰিত চিয়াঙৰ ভয়াৱহ খহনীয়া

খহনীয়াত সকলো হেৰুৱাই এতিয়া কেইবাটাও পৰিয়ালে কবু চাপৰি প্ৰাথমিক বিদ্যালয় নাইবা ওখ স্থানত আশ্ৰয় লৈছে ৷ খহনীয়াৰ সমান্তৰালকৈ বানে বুৰাই পেলোৱাত আৰু অধিক অৱনতি ঘটিছে কবু চাপৰিৰ পৰিস্থিতি ৷ ইফালে কবু চাপৰিৰ পৰিস্থিতি বুজ ল’বলৈ মণ্ডল আৰু কেইজনমান চৰকাৰী বিষয়া কৰ্মচাৰী উপস্থিত হৈ খহনীয়াৰ ক্ষয়-ক্ষতি সন্দৰ্ভত জৰীপ চলাইছে ৷

মন কৰিবলগীয়া যে, বাৰিষা আৰম্ভ হোৱাৰ লগে লগে পূৰ্বেও বানৰ কৱলত পৰে জোনাই জিলাৰ কবু চাপৰিটো ৷ কিন্তু চৰকাৰ তথা বিভাগৰ তৰফৰ পৰ কোনো ধৰণৰ সহায় নোপোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ এই সন্দৰ্ভত জলসিঞ্চন বিভাগ তথা চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি আৰু বেয়াৰ ফালে যোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যেই চাপৰিটোৰ পৰা বহু লোকে ঘৰ-দুৱাৰ ভাঙি অন্য স্থানলৈ উঠি যাব লগীয়া হোৱা ঘটনাই স্পষ্ট কৰিছে নদী চাপৰিটোত চিয়াং নদীয়ে ধাৰণ কৰা সংহাৰী ৰূপৰ কথা ৷

লগতে পঢ়কঃযোৰহাটক ৭ দিনৰ বাবে কন্টেইনমেন্ট জিলা ঘোষণা

ABOUT THE AUTHOR

...view details