ধেমাজি, 28 মে' : ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে ধেমাজি জিলাৰ জোনাই সমষ্টিৰ চেঙাজান, মাজৰবাৰী, গাইনদীৰ গৰাখহনীয়াৰ বুজ লয় ৷ ইয়াৰ উপৰিও নিৰ্মীয়মান অৱস্থাত থকা মথাউৰিসমূহৰ শেহতীয়া অগ্ৰগতি প্ৰত্যক্ষ কৰাৰ পিছত আবেলি ধেমাজি বিধানসভা সমষ্টিত পদাৰ্পণ কৰে ৷
ধেমাজিত উপস্থিত হৈ মন্ত্ৰীজনে ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ জীয়াধল মথাউৰিত উপস্থিত হয় আৰু নিৰ্মাণৰত অৱস্থাত থকা জীয়াধল মথাউৰিটোৰ কামৰ অগ্ৰগতিৰ বুজ লয় ৷ মন্ত্ৰী গৰাকীয়ে ক্ষেত্ৰ পৰিদৰ্শনৰ সময়তে ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ লগতে বিভাগৰ বিষয়াসকলৰ পৰা জীয়াধল নদীৰ প্ৰকৃতি, চৰিত্ৰ, ধ্বংসলীলাৰ বিষয়ে বুজ লয় ৷