অসম

assam

ETV Bharat / state

জীয়াঢলত বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণৰ দাবী - জলসম্পদ বিভাগ

ৰাজ্যত সমাগত বাৰিষাৰ বাবে সাজু হৈছে জলসম্পদ বিভাগ ৷ ধেমাজিত জীয়াঢল নদীৰ বাঢ়নী পানীক ৰোধিবলৈ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে সংশ্লিষ্ট বিভাগ ৷ ৮০ লাখ টকা ব্যয় সাপেক্ষে ১৬০০ মিটাৰৰ এটা গাইড বান্ধৰ জৰিয়তে জীয়াঢলক নিয়ন্ত্ৰণ কৰি পুৰণা সূঁতিলৈ বোৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে জলসম্পদ বিভাগে ৷

embankment-repearing-going-on-over-jiadhal-river-in-dhemaji
জীয়াঢলত বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণৰ দাবী

By

Published : Jun 13, 2021, 11:42 AM IST

ধেমাজি, 13 জুন: ধেমাজি জিলাৰ চকুলো খ্যাত জীয়াঢল নদীক নিয়ন্ত্ৰণৰ বাবে বাৰিষা সময়ত চেষ্টা অব্যাহত ৰাখিছে সংশ্লিষ্ট বিভাগে ৷ বৰ্তমান ধেমাজি বৰ্মন গাঁৱত উন্মুক্ত হৈ থকা জীয়াঢলৰ বুকুত ১৬০০ মিটাৰৰ এটা বৃহৎ গাইড বান্ধ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই ৷ এইক্ষেত্ৰত নিৰ্মাণৰ লগত জড়িত এগৰাকী ব্যক্তিৰ পৰা জানিব পৰা মতে, চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সহযোগত ৮০ লাখ টকা ব্যয় সাপেক্ষে ১৬০০ মিটাৰ এটা গাইড বান্ধৰ জৰিয়তে জীয়াঢল নদীক নিয়ন্ত্ৰণ কৰি পুৰণা সূঁতিলৈ ৱোৱাই নিয়াৰ চেষ্টা অব্যাহত ৰখা হৈছে ৷ ইতিমধ্যে ৮০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিছত বাঁহৰ কাম, জিঅ’ মেট আদি কাৰ্পেটিঙৰ কাম আৰম্ভ কৰা হৈছে ৷

জীয়াঢলত বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণৰ দাবী মটক যুৱ ছাত্ৰ সন্মিলনীৰ

সম্প্ৰতি বালিৰ গাইড বান্ধটোত ঠায়ে ঠায়ে জেচিবি আৰু শ্ৰমিকৰ দ্বাৰা কাম কৰি থকা হৈছে ৷ আনফালে জীয়াঢলৰ পানীয়ে কেৱল বালি পেলাই থোৱা অংশ ইতিমধ্যে খহাবলৈ আৰম্ভ কৰিছে ৷ তেনেক্ষেত্ৰত এই বাৰিষাত এই বৃহৎ গাইড বান্ধতো কিমান দিন তিষ্ঠিব পাৰিব সেয়া লক্ষণীয় হ’ব ৷

জীয়াঢলত বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণৰ দাবী মটক যুৱ ছাত্ৰ সন্মিলনীৰ

ইফালে এই বান্ধক লৈ মুঠেই সন্তুষ্ট নহয় স্থানীয় মটক যুৱ ছাত্ৰ সন্মিলনী ৷ সংগঠনটোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জীয়াঢল নদীত বিজ্ঞানসন্মতভাৱে স্থায়ী মথাউৰি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে বৰপথাৰৰ প্ৰাচীন কীৰ্তি চিহ্ন

ABOUT THE AUTHOR

...view details