ধেমাজি, 29 নৱেম্বৰ :ধেমাজি জলসম্পদ সংমণ্ডলৰ দ্বাৰা ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ শিতানৰ অধীনত 13 কোটি 59 লাখ টকা ব্যয় সাপেক্ষে নিমাণ হ'বলগীয়া কুমটীয়া নৈৰ সোঁ আৰু বাঁওপাৰৰ মথাউৰি নিৰ্মাণৰ আচঁনিৰ কাম দেওবাৰে ধেমাজিৰ গুৰথালিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয় য়ে, চৰকাৰে ধেমাজি জিলাখন বানপানী মুক্ত কৰাৰ পথত আগবাঢ়িছে ৷ ইতিমধ্যে, চলিত বৰ্ষত বহুখিনি বানপানীৰ পৰা পৰিত্ৰাণ দিব পাৰিছে বুলিও বক্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ৷