অসম

assam

ETV Bharat / state

আসোঁৱাহপূৰ্ণ মথাউৰিক লৈ শংকিত ধেমাজিবাসী

সমাগত বাৰিষাক লৈ উদ্বিগ্ন ধেমাজিবাসী ৷ নিৰ্মাণৰত অৱস্থাত থকা মথাউৰি ভাঙি জীয়াঢলৰ পানীয়ে বহু গাঁও প্লাৱিত কৰাৰ আশংকা কৰিছে নৈপৰীয়া ৰাইজে ৷

By

Published : May 19, 2021, 11:06 AM IST

embankment-at-dhemaji
আসোঁৱাহপূৰ্ণ মথাউৰিক লৈ শংকিত ধেমাজিবাসী

ধেমাজি,19 মে’: এফালে মহামাৰী কৰ’ণাৰ বিভীষিকা, আনফালে আকৌ সমাগত বাৰিষা ৷ সমাগত বাৰিষাক লৈ উদ্বিগ্ন হৈ পৰিছে ধেমাজিবাসী ৷ বাৰিষা হ’লেই বানৰ কবলত পৰা ধেমাজিৰ আসোঁৱাহপূৰ্ণ মথাউৰিয়ে মাতিছে বিপদ ৷ সম্প্ৰতি পেহীয়তি, গুৰথালি, বৰদলনি আৰু ঘিলামৰাৰ বৃহৎ অঞ্চলৰ ৰাইজে শংকাত পাৰ কৰিছে দিন ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ 29 নৱেম্বৰত তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই স্থানীয় সাংসদ-বিধায়কৰ উপস্থিতিত ধেমাজিৰ কুমতীয়া নদীৰ সোঁ-পাৰে 2,950 মিটাৰ আৰু বাঁওপাৰে 1,130 মিটাৰ দৈৰ্ঘৰ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ এছঅ’পিডি শিতানৰ মুঠ 13 কোটি 98 লাখ টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা এই মথাউৰিটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’লে ধেমাজিৰ লগতে ঢকুৱাখনাৰ এক বৃহৎ অঞ্চলৰ ৰাইজ কুমতীয়া আৰু জীয়াধল নৈৰ বানৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হ’ব যদিও পুনৰবাৰ বানত ডুবিব পেহীয়তি, গুৰথালি, বৰদলনি আৰু ঘিলামৰাৰ এক বৃহৎ অঞ্চল ৷

আসোঁৱাহপূৰ্ণ মথাউৰিক লৈ শংকিত ধেমাজিবাসী

কিয়নো বৰ্তমান নিৰ্মাণৰত অৱস্থাত থকা মথাউৰিটোৰ শেষ অংশৰ পৰা জলসম্পদ বিভাগৰ ঢকুৱাখনা সংমণ্ডলে কোনো আঁচনি গ্ৰহণ নকৰিলে ৷ যাৰ পৰিপ্ৰেক্ষিতত মথাউৰি নিৰ্মাণৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ আসোঁৱাহপূৰ্ণ হৈ পৰিল ৷ ইয়াৰ ফলত পুনৰ ধেমাজিৰ বহুকেইখন গাঁও বানৰ কবলত পৰাৰ আশংকা আছে ৷

জলসম্পদ বিভাগৰ ধেমাজি-ঢকুৱাখনা সংমণ্ডলৰ বিষয়াসকলে একগোট হৈ চামপৰা দলঙৰ এটা অংশৰে জীয়াঢলক বোৱাই নিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছিল যদিও কাৰ্যতঃ ফুটুকাৰ ফেনত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে ৷ সেয়ে আসোঁৱাহপূৰ্ণ মথাউৰিটোক লৈ শংকিত হৈ পৰিছে স্থানীয় নৈপৰীয়া ৰাইজ ৷

লগতে পঢ়ক :কৰ’ণাক পৰাজয় কৰি কৰ্মজীৱন অব্যাহত ৰখা বৰপেটাবাসী

ABOUT THE AUTHOR

...view details