অসম

assam

ETV Bharat / state

বন্যহস্তীয়ে নষ্ট কৰিছে বিঘাই বিঘাই ধান খেতি

ধেমাজিৰ জোনাইত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ ৷ 4 জনীয়া হাতীৰ জাক এটাই কেইবাটাও পৰিয়ালৰ কেইবাবিঘা ধান ভক্ষণ কৰে ৷ জোনাই বন বিভাগৰ চৰম অৱহেলাত ক্ষোভ উজাৰিছে ভুক্তভোগী ৰাইজে ৷

By

Published : Oct 10, 2019, 5:22 AM IST

Updated : Oct 10, 2019, 12:29 PM IST

হাতী মানুহৰ সংঘাত অব্যাহত

ধেমাজি, 9 অক্টোবৰঃধেমাজিৰ জোনাইত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ ৷ জোনাইৰ লেকু জেলমত বন্য হস্তীয়ে বিঘাই বিঘাই তহিলং কৰে ধান ৷ 4 জনীয়া হাতীৰ জাক এটাই কেইবাটাও পৰিয়ালৰ কেইবাবিঘা ধান ভক্ষণ কৰে ৷ কেৱল ধানেই নহয় বাৰীৰ কলগছ, তামোল গছ আদিও বিনষ্ট কৰে হাতীৰ জাকটোৱে ৷ হাতী খেদিবলৈ যোৱা ৰাইজক ওলোটাই আক্ৰমণ কৰাত আতংকত দিন কটাইছে গাওঁবাসীয়ে ৷ জোনাই বন বিভাগৰ চৰম অৱহেলাত ক্ষোভ উজাৰিছে ভুক্তভোগী ৰাইজে ৷

হাতী মানুহৰ সংঘাত অব্যাহত
Last Updated : Oct 10, 2019, 12:29 PM IST

ABOUT THE AUTHOR

...view details