জোনাই, ৬ জুলাই: বৰষুণ দিলেই বিদ্যুৎ নাথাকে, বিদ্যুৎ থাকিলেও ভল্টেজ নাথাকে জোনাইত ৷ ৰাজ্য চৰকাৰৰ 24 ঘণ্টীয়া বিদ্যুৎ সেৱাই অতিষ্ঠ কৰিছে জোনাইবাসীক ৷ মাজে সময়ে কাৰেণ্ট আহে যদিও যেনেতেনে বাল্বটোহে জিলিকে সেই বিদ্যুতত ৷ ফলত শিক্ষাৰ্থীৰ পৰা ব্যৱসায়ীলৈকে লোকচানৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোত (Electricity shortage in Jonai)৷
বিজেপি চৰকাৰৰ ২৪ ঘন্টীয়া বিদ্যুতৰ বৰ বৰ হৰ্ডিংসমূহ ওলমি আছে ৰাজ্যৰ চৌদিশে (24 hour power supply)৷ পিছে কাৰ্যক্ষেত্ৰত সেই বৃহদাকাৰ প্ৰচাৰ পত্ৰিকা দেখিবলৈ পোৱা নাই ৰাজ্যবাসীয়ে ৷ ধেমাজিৰ জোনাইত আৰু এখোপ চৰা হৈছে বিদ্যুতৰ লুকা-ভাকু ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মাজে-সময়েহে বিদ্যুৎ আহে জোনাইবাসীৰ ওচৰলৈ ৷ বিদ্যুৎ থকা সময়খিনিতো ভল্টেজ ইমানেই কম থাকে যে বিদ্যুৎচালিত যন্ত্ৰৰ নামত কেৱল বাল্বটোহে যেনেতেনে জ্বলে (Load shedding in Jonai) ৷