জোনাই, 27 মাৰ্চ:ৰিগিঙক কেন্দ্ৰ কৰি 114 নং জোনাই বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্রেছ সমর্থকৰ মাজত আক্রমণ- প্রতি আক্রমণ ৷ ঘটনাটোৰ ফলত বিজেপি সমর্থকৰ বাঁহৰ লাঠিৰ আক্ৰমণত কংগ্ৰেছ সমৰ্থক গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ বিপৰীতে কংগ্রেছ সমর্থকৰ কটাৰীৰ আক্ৰমণৰ ফলত মূৰ আৰু ডিঙিত আঘাত প্ৰাপ্ত হৈ দুই বিজেপি সমর্থক গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ ৷
জোনাইত নির্বাচনকেন্দ্রীক সংঘাত
জোনাই বিধানসভা সমষ্টিত নির্বাচনকেন্দ্রীক সংঘাত ৷ ৰিগিঙক কেন্দ্র কৰি বিজেপি আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত মাৰপিট ৷ বিজেপি সমর্থকৰ বাঁহৰ লাঠিৰ আক্ৰমণত কংগ্ৰেছ সমৰ্থক গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ ৷
অভিযোগ অনুসৰি, 114 নং জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত 69 নং অমৰপুৰ প্রাথমিক বিদ্যালয় ভােটগ্রহণ কেন্দ্রত ৰিগিঙক লৈ বিজেপিৰ সমৰ্থকে কংগ্ৰেছৰ এগৰাকী প'লিং এজেন্টক আক্ৰমণ কৰে ৷ কনসিং দলে নামৰ এগৰাকী কংগ্রেছ সমর্থকে এই ঘটনাত বাধা দিবলৈ যাওতে নৰেশ ওৰফে আজা পেগু আৰু গণেশ পেগু নামৰ দুই বিজেপি সমর্থকে বাঁহৰ লাঠিৰে কনসিং দলে নামৰ কংগ্ৰেছ সমর্থক গৰাকীৰ মূৰত প্রহাৰ কৰাত কংগ্ৰেছ সমর্থক কনৰ্ন্দ সিং দলেয়ে বিজেপি সমর্থক নৰেশ ওৰফে আজা পেগু আৰু গণেশ পেগুৰ ডিঙি আৰু মূৰত এখন কটাৰীৰে ঘাপ দিয়ে ৷ ঘটনাৰ ফলত আহত তিনিগৰাকী লােককে জোনাইৰ 30 খন বিচনাযুক্ত চিকিৎসালয়ত চিকিৎসা প্রদান কৰা হয় ৷
লগতে পঢ়ক:হাগ্ৰামা মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব পাৰিব !