অসম

assam

ETV Bharat / state

গোলাপ বৰুৱাৰ হত্যাত জড়িত থকাৰ সন্দেহত আঠজনক আটক - Two detained in Jonai Mob lynching

31 আগষ্টত জোনাইত সোপাধৰাৰ সন্দেহত সংঘটিত হৈছিল এক বৰ্বৰ হত্যাকাণ্ড ৷ বৰ্তমানলৈকে এই হত্যাকাণ্ডৰ লগত জড়িত মুঠ 8 জনক গ্ৰেপ্তাৰ কৰিছে জোনাই আৰক্ষীয়ে (Eight people arrested in Jonai Mob lynching) ৷

Eight people arrested in Jonai Mob lynching
গোলাপ বৰুৱাৰ গণহত্যাত জড়িত থকাৰ সন্দেহত আঠজনক আটক

By

Published : Sep 4, 2022, 5:15 PM IST

জোনাই, 4 ছেপ্টেম্বৰ :এতিয়াও মাৰ যোৱা নাই জোনাই কাণ্ডৰ চাঞ্চল্য (Jonai Mob lynching) ৷ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে জোনাই গণহত্যা কাণ্ডত জড়িতসকলৰ বিৰুদ্ধে জোনাই আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তুলিছে ৷ ইয়াৰ মাজতে দেওবাৰে এই অমানৱীয় ঘটনাৰ লগত জড়িত 8 জন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জোনাই আৰক্ষীয়ে ৷

গোলাপ বৰুৱাৰ গণহত্যাত জড়িত থকাৰ সন্দেহত আঠজনক আটক

গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইটা হ’ল 2 নং মাজুলীপুৰৰ অশ্বিনী পেগু, বৰদণ্ডী গাঁৱৰ উমাকান্ত দলে, বৈকুণ্ঠপুৰৰ টেপুৰাম পাংগিং, ৰাকুট ককেৰ মনিকান্ত পেগু, ৰামধন দিখাৰীৰ নিত কুলি, দিখাৰীৰ অৰ্জুন পামে, ৰামধন দিখাৰীৰ ৰামজানে পামে আৰুগালী শান্তিপুৰ নয়নমনি কুলি (Eight people arrested in Jonai Mob lynching) ৷

বৰ্তমান আৰক্ষীৰ জিম্মাত থকা 8 অভিযুক্তক জোনাই মহকুমা ন্যায়িক দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক :জোনাইৰ গণহত্যা প্ৰসংগত AJYP ৰ প্ৰতিক্ৰিয়া

আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, উক্ত ঘটনাৰ লগত আৰু ব্যক্তি জড়িত আছে ৷ সেই অভিযুক্ত কেইটাৰ সন্ধানত আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ উল্লেখ্য যে, বুধবাৰে এটি কেঁচুৱাক মাকৰ কোলাৰ পৰা কাঢ়ি নিয়াৰ অভিযোগত (Child kidnaping allegation at Jonai) গাঁওবাসীয়ে প্ৰহাৰ কৰি কৰিছিল হত্যা কৰিছিল গোলাপ বৰুৱা (32) নামৰ এজন লোকক ৷

মৃত গোলাপ বৰুৱাৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, প্ৰায় পোন্ধৰ বছৰ পূৰ্বৰ পৰাই মানসিক ৰোগত আক্ৰান্ত হৈ আছিল গোলাপ ৷ উক্ত দিনা অৰ্থাৎ বুধবাৰে পুৱা ঘৰত কোনো নথকাৰ সুযোগ লৈ গোপনে ঘৰৰ পৰা ওলাই যায় গোলাপ বৰুৱা ৷ তাৰ পাচতে জোনাইত গোলাপ বৰুৱাৰ সৈতে সংঘটিত হয় উক্ত অমানৱীয় ঘটনাটো ৷

ইফালে এই অমানৱীয় ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে নিশা ৰনোজ টায়ে আৰু কুঞ্জন টায়েক নামৰ দুজন ব্যক্তিকো সোধা-পোচাৰ বাবে আটক কৰিছিল আৰক্ষয়ে (Two detained in Jonai Mob lynching) ৷ অৱশ্যে শুকুৰবাৰে আটকাধীন দুয়োকে আৰক্ষীয়ে মোকলাই দিয়ে ৷

লগতে পঢ়ক :জোনাইকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া AASU ৰ

ABOUT THE AUTHOR

...view details