অসম

assam

ETV Bharat / state

Assam education department new decision: ইংৰাজী ভাষাত শিক্ষাদান সম্পৰ্কত শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য - Assam govt new decision on teaching language

শেহতীয়াতকৈ গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পঢ়ুওৱা হ'ব বুলি চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam govt new decision on teaching language)। চৰকাৰৰ এই সিদ্ধান্তক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে এই সিদ্ধান্তক সমালোচনা কৰাৰ সময়তে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

education
ইংৰাজী ভাষাত শিক্ষাদান সম্পৰ্কত ধেমাজিত শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

By

Published : Aug 3, 2022, 10:42 AM IST

ধেমাজি,৩ জুলাই : 'মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নাই চৰকাৰে ।'এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । অসমৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয় সন্দৰ্ভত চৰকাৰে লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তক লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল । সেই বিভ্ৰান্তি দূৰ কৰাৰ উদ্দেশ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে (Minister Ranoj Pegu press meet at Dhemaji)।

মঙলবাৰে ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কয় যে চৰকাৰৰ উদ্দেশ্য হৈছে মাতৃভাষাৰ শিক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকল যাতে ইংৰাজী ভাষাতো শক্তিশালী হ'ব পাৰে । যাৰ বাবে চৰকাৰী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পঢ়ুওৱাৰ বাবে সিদ্ধান্ত লৈছে চৰকাৰে ৷ ইয়াৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিবৰ্তন আহিব বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি সংবাদমেলত এই কথা প্ৰকাশ কৰি তেওঁ কয় যে এই ব্যৱস্থাই মাতৃভাষা আৰু মাধ্যমটোৰ কোনো হানি নকৰে ।

ইংৰাজী ভাষাত শিক্ষাদান সম্পৰ্কত ধেমাজিত শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

ইতিমধ্যে নলবাৰীৰ গৰ্ডন হাইস্কুলত এই ব্যৱস্থা কাৰ্যকৰী কৰি সফল হোৱা বুলিও তেওঁ দাবী কৰে । ধেমাজিৰ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনাৰ পিছতে আয়োজিত সংবাদমেলত তেওঁ শিক্ষা বিভাগৰ সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰে ।

তেওঁ কয় যে ইংৰাজী মাধ্যমৰ বাবে সুকীয়া শিক্ষক নিয়োগ কৰা নহয় । বৰ্তমানৰ শিক্ষকসকলকে প্ৰশিক্ষণৰ জৰিয়তে তাৰ বাবে যোগ্য কৰি তোলা হ'ব । ইতিমধ্যে টেট শিক্ষকসকলে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ইংৰাজী মাধ্যমত পাঠদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলিও তেওঁ উল্লেখ কৰে । তেওঁ এই বিষয়টোত আপত্তি দৰ্শোৱা সংগঠনসমূহৰ সৈতে প্ৰয়োজন সাপেক্ষে আলোচনাত বহিব বুলিও জানিবলৈ দিয়ে ।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ কাম অচিৰেই আৰম্ভ হ'ব । তদুপৰি জিলা ষ্টেডিয়াম নিৰ্মাণৰ বাবে মঞ্জুৰী লাভ কৰা হৈছে বুলি জানিবলৈ দি কয় যে ইয়াৰো কাম সোনকালেই আৰম্ভ কৰা হ'ব ।

উল্লেখ্য যে, ধেমাজিৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'বলৈ মঙলবাৰে জিলাখনলৈ ভ্ৰমণ কৰা স্থানীয় বিধায়ক তথা মন্ত্ৰী গৰাকীয়ে সাপেখাতীত কুমুতীয়া নৈয়ে ছিগা অংশ পৰিদৰ্শন কৰাৰ পিছতে মটৰ চাইকেলত উঠি মথাউৰিৰে চমৰাজান হৈ গৈ স্বৰ্ণপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰে (Education minister visits flood affected area of Dhemaji)। তেওঁ বৰ্মনগাঁওত নিৰ্মীয়মান মথাউৰিৰ কামৰো বুজ লয় । সংবাদমেলত মন্ত্ৰীগৰাকীৰ সৈতে এই জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য, অতিৰিক্ত উপায়ুক্ত উৎপল দলে আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে ।

লগতে পঢ়ক :Assam CM review meeting: পৰিবহন বিভাগত নতুন পদ সৃষ্টি কৰা হ’ব: মুখ্যমন্ত্রী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details