জোনাই, 20 জানুৱাৰী :মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত চিমেন চাপৰি চক্ৰত বৃহস্পতিবাৰে আয়োজন কৰা হয় ই চি চি ই অৰ্থাৎ প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা দিৱস (Early Childhood Care and Education) । চিমেন চাপৰি নতুন গাঁও অংগনবাদী কেন্দ্ৰত অনুষ্ঠিত প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা দিৱসৰ লগত সংগতি ৰাখি পুৱা প্ৰায় ৭ বজাত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী আয়োজন কৰা হয় ৷ য’ত সংহত শিশু উন্নয়ন প্ৰকল্পৰ কেবাগৰাকী কৰ্মী আৰু সহায়িকাসকলে অংশ লয় ৷
তাৰ পাচতে উক্ত অনুষ্ঠানৰ ফিটা কাটি দ্বাৰ উদ্বোধন কৰে মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত চিমেন চাপৰি চক্ৰৰ মুখ্য সেৱিকা নমিতা দাসে ৷ লগতে তেওঁ শিশুকালীন শিক্ষাৰ উপলক্ষ্যত আয়োজিত দিৱসৰ তাৎপৰ্যৰ ওপৰত সাৰুৱা বক্তব্য দাঙি ধৰে (Early Childhood Care and Education day observe at Jonai) ।
উল্লেখ্য যে, প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা দিৱসৰ উক্ত অনুষ্ঠানৰ আঁত ধৰে চিমেন নতুন গাঁও অংগনবাদী কেন্দ্ৰৰ কৰ্মী পদ্মাৱতী পাইত চেতিয়াই ৷ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে স্থানীয় সমাজকৰ্মী ৰত্নেশ্বৰ বৰা ৷ অতিথি ৰত্নেশ্বৰ বৰাই দেশৰ ভৱিষ্যত প্ৰজন্মৰ শিশুসকলক সঠিক বাট দেখুৱাই আগুৱাই নিবলৈ অংগনবাদী অনুষ্ঠানৰ কৰ্মী, সহায়িকা দুৰ্মূল্য অৱদানৰ বিষয়ে আলোকপাত কৰে ৷