ৰাজ্যব্যাপী দূৰ্গতিনাশীনিৰ আৰাধনাঃ আকৰ্ষণীয় ৰূপত প্ৰাণ পাই উঠিছে পূজামণ্ডপ - খুমটাইৰ চিনাতলিতো ২২ সংখ্যক দূৰ্গাপূজা
চিনাতলিৰ সমান্তৰালকৈ ধেমাজি, জোনাই আৰু বঙাইগাঁৱতো দেখা গৈছে দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি ৷ জোনাই মহকুমাৰ ভিতৰত আটাইতকৈ পুৰণি মুৰ্কংচেলেক লক্ষী নেপালী বস্তি সাৰ্বজনীন দুৰ্গা মন্দিৰৰ লগতে জোনাইত ১০ খনৰো অধিক পূজা মণ্ডপ আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৷ একেদৰে গোৱালপাৰা চহৰৰ ১নং কলনী অশোক নগৰত সম্পূৰ্ণ বাঁহেৰে নিৰ্মান কৰা হৈছে পূজাৰ মণ্ডপ ৷ স্থানীয় যুৱশিল্পী সকলে নিৰ্মান কৰি উলিয়াইছে এই মণ্ডপটো ৷ আনহাতে নিউবঙাইগাওঁ ডাংতল ৰেলৱে মাৰ্কেটৰ পূজা মণ্ডপ সজোৱা হৈছে ড্ৰেগনৰ আৰ্হিত ৷ ঢালিগাঁও চুঙাপোতাত স্বৰ্ণ মন্দিৰৰ আৰ্হিত সজোৱা হৈছে পুজা মণ্ডপ ৷
নিউজ ডেক্স, 4 অক্টোবৰঃ নিয়ৰ সনা দুৱৰিত দুভৰি তিয়াই মৰ্তলৈ আহিল মহিষমৰ্দিনী | মহাষষ্ঠীৰ পৱিত্ৰ দিনটোৰ পৰাই চৌদিশে আৰম্ভ হৈছে দুৰ্গতিনাশিনীৰ আৰাধনা | সমগ্ৰ দেশতে দুৰ্গা পূজাকলৈ চলিছে এক আঘোষিত প্ৰতিযোগিতা | ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ কৰিবলৈ ন ন ৰূপত সাজি উলিওৱা হৈছে পূজা মণ্ডপসমূহ ৷ কৰবাত যদি গছেৰে মণ্ডপ নিৰ্মিত হৈছে আন কৰবাত মণ্ডপ নিৰ্মাণ কৰিছে বাঁহেৰে, কৰবাত আকৌ ৰাষ্ট্ৰীয় পক্ষী ময়ুৰৰ আকৃতিত নিৰ্মান কৰা হৈছে বৃহৎ পূজা মণ্ডপ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাৰ প্ৰস্তুতি সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন..