ধেমাজি, 26 আগষ্ট: দৰমহাৰ টকাৰে পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো এই লৈ অলপো সংশোধন নোহোৱা এচাম চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দুৰ্নীতিৰ অভিযান অব্যাহত আছে (Assam government zero tolerance in corruption) ৷ ৰাজ্যত প্ৰতিদিনে ইজনৰ পিছত সিজনকৈ বহুকেইজন চৰকাৰী বিষয়া-কৰ্মচাৰী উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰিছে (Vigilance and Anti Corruption Branch operation)৷
বৃহস্পতিবাৰে পুনৰ ধেমাজিত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন ঘোচখোৰ কৰ্মচাৰী ৷ ঘটনাৰ বিৱৰণী মতে, ধেমাজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক গোবিন বৰদলৈয়ে ধেমাজিৰ এখন প্ৰতিষ্ঠিত ই-ৰিক্সা ডিলাৰৰ স্বত্বাধিকাৰীৰ পৰা ট্ৰেড লাইচেঞ্চ নৱীকৰণৰ বাবদ বিচাৰিছিল এক বৃহৎ অংকৰ উৎকোচ (DTO employee arrested for taking bribe)৷