ধেমাজি, 30 মে’: আগে আগে প্ৰধান শিক্ষক, পিচে পিচে এজাক ৰণচণ্ডী মহিলাৰ দৌৰ ৷ "ধৰ ধৰ প্ৰধান শিক্ষকক ধৰ, ইয়াক যাবলৈ নিদিবি ..." পিচে এয়া কোনো চোৰ পুলিচৰ খেল নহয় ৷ এয়া ধেমাজিৰ মাছখোৱা মজলীয়া বিদ্যালয়ত প্ৰধান শিক্ষক আৰু অভিভাৱকৰ মাজত সংঘটিত হোৱা হতাহতিৰ দৃশ্যাংশ (Drunken teacher in Dhemaji) ৷
এতিয়া আহিছো প্ৰকৃত ঘটনালৈ ৷ ধেমাজিৰ মাছখোৱা মজলীয়া বিদ্যালয়ত অভিভাৱকসকলে প্ৰধান শিক্ষকগৰাকীৰ লগত আলোচনাত মিলিত হোৱাৰ মনস্থৰে বিদ্যালয়খনলৈ আহিছিল ৷ অভিভাৱকৰ অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিজু দাসে ছাত্ৰ-ছাত্ৰীসকলক যোৱা তিনিবছৰ পৰ্যন্ত যোগান ধৰা নাই ইউনিফৰ্ম, বহী, পেঞ্চিল আৰু হিচাপ দিয়া নাই বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধন ৷ তদুপৰি নিয়মীয়াকৈ বিদ্যালয়লৈ নাহে প্ৰধান শিক্ষকগৰাকী ৷ বিদ্যালয়লৈ আহিলেও সুৰাপান কৰিহে বিদ্যালয়লৈ আহে প্ৰধান শিক্ষকগৰাকীয়ে (Alcoholic headmaster in public anger ) ৷
আজি অৰ্থাৎ মঙলবাৰে প্ৰধান শিক্ষকগৰাকী বিদ্যালয়লৈ অহাৰ পিচতে অভিভাৱকসকলে একগোট হৈ অহা দেখি বিদ্যালয়ৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে প্ৰধান শিক্ষকগৰাকীয়ে ৷ উপায়হীন হৈ এগৰাকী মহিলাই প্ৰধান শিক্ষকগৰাকীৰ বাইকখনৰ ছাবিটো কাঢ়ি লওঁতেই তেওঁ মহিলাগৰাকীক থেলা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰে ৷ মহিলাক এনেদৰে শৰীৰত হাত লগোৱাত মহিলাসকলে খঙত জাঙুৰ খাই উঠে ৷ পৰিস্থিতি বিষম দেখি প্ৰধান শিক্ষকগৰাকীয়ে পলাবলৈ লওঁতেই পিচে পিচে মহিলাসকলে প্ৰধান শিক্ষকগৰাকীক খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Alcoholic headmaster threaten to suicide) ৷