অসম

assam

ETV Bharat / state

জোনাই আৰক্ষীৰ জালত 7 টাকৈ ড্ৰাগছ সৰবৰাহকাৰী

জোনাইৰ লাইমেকুৰীত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুণি দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত যোৱা এটা দলটোৱে ড্ৰাগছসহ 7 টা ড্ৰাগছ সৰবহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

By

Published : Jul 20, 2021, 10:50 PM IST

জোনাই আৰক্ষীৰ জালত 7 টা ড্ৰাগছ সৰবৰাহকাৰী
জোনাই আৰক্ষীৰ জালত 7 টা ড্ৰাগছ সৰবৰাহকাৰী

জোনাই, 20 জুলাই : মঙলবাৰে ধেমাজি জিলাৰ জোনাইত ড্ৰাগছ সৰবহকাৰী ৭ টা যুৱকক আটক কৰিবলৈ সক্ষম হৈছে জোনাই আৰক্ষী ৷ জোনাইৰ লাইমেকুৰীত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুণি দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে ড্ৰাগছসহ 7 টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জোনাই থানালৈ নিয়ে ৷ আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে ৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ, গাঞ্জা ১৭ গ্ৰাম, ৬ টা কফ চিৰাপৰ বটল, চিৰিঞ্জ, ২১ হাজাৰ নগদ ধন আৰু AR- 09-5693 নম্বৰৰ এখন মাৰুতী 800 গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে ৷

জোনাই আৰক্ষীৰ জালত 7 টা ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীয়ে আটক কৰা যুৱককেইজন অৰুণাচলৰ পূৱ চিয়াং জিলাৰ পাছিঘাটৰ শ্বমিলৰ জ'ন মুকাৰ্জি(২১), পাছিঘাট দুই মাইলৰ মিলিং ময়ং(২৫), জোনাই থানাৰ অন্তৰ্গত মাজুলীপুৰ গাঁৱৰ বাবা দলে (৩৫), জিত দলে (২৮), লক্ষী পেগু (৪৮) ৰাকুট ককেৰ প্ৰসলাদ কাৰ্দং (৩৫), উজনি বিজয়পুৰৰ হিতেশ মেদক(৩১) বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি জোনাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত গোচৰ ৰুজু কৰি ড্ৰাগছ সৰবহকাৰীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷

একেদৰে সোমবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ ছোটোমাপদা আৰু ফুলেৰতলৰ পৰা ডেৰশ গ্ৰাম পৰিমাণৰ ১১ পেকেট হেৰ‘ইন জব্দ কৰাৰ পিচত মঙলবাৰে লক্ষীপুৰত পুনৰ ৩০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই লক্ষীপুৰ থানাৰ আৰক্ষীৰ দল এটাই দিলখুশ ঘাটৰ পৰা জব্দ কৰে গাঞ্জা ভৰ্তি তিনিটা বস্তা ৷ মণিপুৰৰ পৰা সৰবৰাহ কৰা গাঞ্জাখিনি বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ চাপৰত জব্দ ড্ৰাগছ: আটক দুজন

ABOUT THE AUTHOR

...view details