জোনাই,১২ আগষ্ট:জোনাইত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ এইবাৰ নিষিদ্ধ ড্ৰাগছে গ্ৰাস কৰিছে সীমান্তৱৰ্তী জোনাই মহকুমাক ৷ বৰ্তমান সময়ত ড্ৰাগছে নৱ প্ৰজন্মৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ ৷ সম্পত্তি এই অন্ধকাৰৰ কৱলত পৰিছে বহুসংখ্যক নৱপ্ৰজন্ম ৷ নৱপ্ৰজন্মৰ জীৱনলৈ ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শনিবাৰে জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এজন ড্ৰাগছ বিক্ৰেতাক ৷
উল্লেখ্য যে,বিগত ৩০ জুলাইত বিশেষ সূত্ৰৰে লাভ কৰা খবৰৰ ভিত্তিত দুজন ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জোনাই থানাত 75/20 আৰুU/S 21(b)/ 27 (a) NDPS act নম্বৰৰ ধাৰা পঞ্জীয়ন কৰি দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পাছতেই শণিবাৰে পুনৰ অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী অনন্ত ওৰফে কেপ্তেইন টায়ুঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ইপিনে,যুৱকজন দীৰ্ঘদিন ধৰি এই ব্যৱসায় কৰি আহিছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে৷ ইফালে জোনাই ৰুকচিন গেট সমীপৰ ২ নং দলঙত ভাং আৰু ড্ৰাগছ আসক্ত তেম পাদুগ (২৬) নামৰ অৰুণাচলৰ এজন যুৱকক আটক কৰা হৈছে ৷