অসম

assam

ETV Bharat / state

Drinking water issue: এটুপি বিশুদ্ধ খোৱা পানী য’ত এতিয়াও স্বপ্ন ! - Drinking water problem at Jonai

চৰকাৰৰ কোটি টকীয়া জল জীৱন মিছন আঁচনি(Jal Jeevan Mission in Assam)য়ে ঢুকি নোপোৱা জোনাইৰ এখন গাওঁ(Drinking water problem at Jonai) । আদিম যুগৰ দৰে বালিচৰত গাঁত খান্দি পানী খাই জীয়াই আছে জোনাইৰ টাৰিবস্তিৰ কেইবাটাও পৰিয়াল । চৰকাৰলৈ কৰা আবেদন অসাৰ ।

Drinking water problem at Jonai
এটুপি বিশুদ্ধ খোৱা পানী য’ত এতিয়াও স্বপ্ন !

By

Published : Nov 19, 2022, 10:42 AM IST

জোনাই,১৯ নৱেম্বৰ:এইখন অসমৰে এটা অঞ্চলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । যি সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ নামত বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত নদীৰ লেতেৰা পানী সেৱন কৰি জীৱন কটাবলগীয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে(Jal Jeevan Mission in Assam) । ''ঘৰ ঘৰ নল চে জল'' এয়া আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন ৷ কিন্তু প্ৰকৃতাৰ্থত সেই সপোন কিদৰে হৈছে বাস্তৱায়িত ?

এটুপি বিশুদ্ধ খোৱা পানী য’ত এতিয়াও স্বপ্ন !

ভাৰত তথা অসম চৰকাৰে বৰ্তমান সময়ত বিশুদ্ধ খোৱা পানীকে আদি কৰি জনসাধাৰণৰ বাবে কেইবাটাও অভিলাষী আঁচনি ঘোষণা কৰাৰ সময়তে জোনাইৰ এখন গাঁৱৰ কেইবাটাও পৰিয়ালে এটুপি খোৱা পানীৰ অভাৱত টুকিছে চকুলো(Drinking water problem at Jonai) । আদিম যুগৰ দৰে এটুপি খোৱা পানীৰ অভাৱত বালিচৰত গাঁত খান্দি পানীৰ ব্যৱস্থা কৰিবলগীয়া হৈছে জোনাইৰ টাৰিবস্তি গাঁৱৰ কেইবাটাও পৰিয়ালে(Drinking water crisis in Jonai) ।

চৰকাৰৰ অভিলাষী কোটি টকীয়া আঁচনিবোৰে ঢুকি নোপোৱা এই গাওঁখনত খোৱা পানীৰ কোনো ব্যৱস্থা নথকাত কেইবাটাও পৰিয়ালে বছৰ বছৰ ধৰি আদিম যুগৰ দৰে খালৰ পানীকে খোৱাৰ পৰা আদি কৰি বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে । য'ত এই খালৰ পানী সেৱন কৰি অহাৰ ফলত বিভিন্ন বেমাৰ আজাৰে দেখা দিছে মাজে সময়ে । বিভিন্ন সময়ত স্থানীয় জন-প্ৰতিনিধি তথা অসম চৰকাৰক আবেদন নিবেদন কৰিছে যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ভূক্তভোগী ৰাইজে ।

লগতে পঢ়ক:Lachit Divas 2022: ভাৰতীয় সেনা বাহিনীৰ মিছা সেনা চাউনিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন

ABOUT THE AUTHOR

...view details