অসম

assam

ETV Bharat / state

ৰাজ্যিক মৰ্যদাৰে ঘুনাসূঁতিত শেষকৃত্য সম্পন্ন ড0 টাবুৰাম টাইডৰ - "আগম মিগাং" তথা বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, গৱেষক ড' টাবুৰাম টাইডৰ নশ্বৰদেহ

জন্মস্থান গোগামুখৰ ঘুনাসূঁতিত জনসমুদ্ৰৰ মাজত ৰাজ্যিক ময’দাৰে শেষকৃত্য সম্পন বিশিষ্ট শিক্ষাবিদগৰাকীৰ

বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইডক জন্মস্থান ঘুনাসূঁতিত শেষ শ্ৰদ্ধাঞ্জলি

By

Published : Aug 18, 2019, 8:35 PM IST

বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইডক জন্মস্থান ঘুনাসূঁতিত শেষ শ্ৰদ্ধাঞ্জলি

গোগামুখ, 18 আগষ্ট : "আগম মিগাং" তথা বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, গৱেষক ড' টাবুৰাম টাইডৰ নশ্বৰদেহ দেওবাৰে গুৱাহাটীৰ পৰা ঘুনাসুঁতি হৈ গোগামুখলৈ আনে | হেলিকাপ্টাৰেৰে গোগামুখৰ মহৰিকেম্প খেলপথাৰত অৱতৰণ কৰে আৰু তাৰে পৰা ফুলেৰে সু-সজ্বিত বিশেষ বাহনেৰে গোগামুখৰ মিচিং মুৰংঘৰ আৱতানি লত্তালৈ সমদল কৰি লৈ অহা হয় শিক্ষাবিদজনৰ নশ্বৰ দেহ | মিচিং সমাজৰ পিতামহস্বৰূপ টাবুৰাম টাইডৰ মৃতদেহ গোগামুখত পোৱাৰ লগে লগে ধেমাজি জিলা উপায়ুক্তই লগতে বিভিন্ন দ'ল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আৰু শত সহস্ৰ গুণমুগদ্ধই উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শি ৷ ইয়াৰ পাচতেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা সমাধীস্থলিলৈ লৈ অহা হয় তেখেতৰ নশ্বৰদেহ | শোকাকোল পৰিবেশৰ মাজেৰে সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষ-কৃত্য সম্পন্ন কৰা হয় | শেষ-কৃত্য অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ উপস্থিত থাকে জলসিঞ্চন ৰঞ্জিত দত্ত ৷ লগতে অনুষ্ঠানটোত উপস্থিত থাকে বিধায়ক ডা: ৰণোজ পেগু, বিধায়ক ভূৱন পেগু, বিধায়ক প্ৰশান্ত ফুকন ৷

ABOUT THE AUTHOR

...view details