অসম

assam

ETV Bharat / state

তেলাম কৰৈবাৰীত তীব্ৰ ৰূপ ধাৰণ কৰিছে দিখাৰী নদীৰ খহনীয়াই - ধাৰাষাৰ বৰষুণ

তেলাম কৰৈবাৰীত তীব্ৰ ৰূপ ধাৰণ কৰিছে দিখাৰী নদীৰ খহনীয়াই ৷ ভয়ানক খহনীয়াৰ ফলত আতংকত ভুগিছে নৈপৰীয়া ৰাইজ ৷ জনপ্ৰতিনিধিক উপযুুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী ৷

river bank erosion
river bank erosion

By

Published : Jul 12, 2020, 6:02 AM IST

জোনাই, ১১ জুলাই :ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ তেলাম কৰৈবাৰীত তীব্ৰ ৰূপ ধাৰণ কৰিছে দিখাৰী নদীৰ খহনীয়াই । ধাৰাষাৰ বৰষুণৰ ফলত দিখাৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰাত তেলাম গাঁও পঞ্চায়তৰ ২ নং কৰৈবাৰী গাঁও ভয়ানক খহনীয়াৰ কৱলত পৰিছে । যোৱা পাঁচ বছৰৰ পৰা অব্যাহত থকা দিখাৰী নদীৰ খহনীয়াৰ প্ৰকোপ অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ দিখাৰী নদীৰ খহনীয়াৰ কবলত যোৱা চাৰি বছৰৰ ভিতৰত ২ নং কৰৈবাৰীৰ বহুকেইটা পৰিয়ালৰ ঘৰভেটি, বাৰীমাটি নদীৰ বুকুত বিলীন গৈছে।

তেলাম কৰৈবাৰীত তীব্ৰ ৰূপ ধাৰণ কৰিছে দিখাৰী নদীৰ খহনীয়াই

ইয়াৰোপৰি কৰৈবাৰী প্ৰাথমিক বিদ্যালয়,কৰৈবাৰী লক্ষী মন্দিৰৰ লগতে সৌৰাং আত্মসহায়ক গোটৰ চল্লিশ বিঘা ভূমি দিখাৰী নদীৰ খহনীয়াত নিঃশেষ হৈছে। তীব্ৰ ৰূপ ধাৰণ কৰা দিখাৰী নদীৰ খহনীয়াই শনিবাৰে ২ নং কৰৈবাৰীৰ কেইবাটাও পৰিয়ালৰ বাৰীমাটি, বাঁহনি খহাই নিয়ে। তাৎক্ষণিকভাবে প্ৰতিৰোধৰ ব্যৱস্থা হাতত নল'লে খহনীয়াত পুনৰ বহু কেইটা পৰিয়ালৰ ঘৰভেটি, বাৰীমাটি দিখাৰী নদীৰ বুকুত বিলীন যোৱাৰ সম্ভাৱনা দেখা গৈছে । স্থানীয় ৰাইজে জনপ্ৰতিনিধি, চৰকাৰ, প্ৰশাসনক শীঘ্ৰে দিখাৰী নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল'বলৈ দাবী জনাইছে ।
লগতে পঢ়ক :চিৰদিনৰ বাবে শুকাই যাব নেকি ব্ৰহ্মপুত্ৰ ?

ABOUT THE AUTHOR

...view details