জোনাই,১৯ ডিচেম্বৰ: উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা হৈছে পূৱ ছিয়াং জিলা ৷ এই ছিয়াং জিলাৰ ৰুকচিং মহকুমাত অৱস্থিত এখন গাঁও ৷ গাঁওখনৰ নাম মিৰেম গাঁও ৷ এই গাঁওখনে আজি গৰকিলে সুদীৰ্ঘ ৭৫ টা বছৰ (Glorious 75th Years of Mirem) ৷ এই লৈ মিৰেম গাঁৱৰ ৰাইজে উদযাপন কৰিছে হীৰক জয়ন্তী বৰ্ষ ৷ ১৮ ডিচেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে হীৰক জয়ন্তী বৰ্ষ (Mirem village celebrates Diamond Jubilee) ।
উল্লেখ্য যে ১৯৪৭ চনৰ পৰা বসতি স্থাপন হৈছিল এই গাঁওখনত (Mirem Village) ৷ প্ৰায় ৩০০ ৰো অধিক পৰিয়ালে বসবাস কৰে মিৰেম গাঁৱত ৷ গাঁওখনে আজি ৭৫ বছৰ গৰকাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী ৷ হীৰক জয়ন্তী বর্ষ উপলক্ষ্যে গাঁওখনত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী ৷ নৃত্য-গীত, বিভিন্ন প্ৰতিযোগিতাৰে আয়োজন কৰা হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ আজি দ্বিতীয়টো দিন ৷
হীৰক জয়ন্তী বর্ষ উপলক্ষে যোৱা ৭৫ বছৰৰ ভিতৰত গাঁৱখনৰ পৰা বাহিৰত বিয়া হোৱা জীয়ৰীসকলৰ লগতে নিমন্ত্ৰণ জনাইছে জোঁৱাই সকলকো ৷ হীৰক জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৩৭ নং পশ্চিম পাচিঘাট সমষ্টিৰ বিধায়ক তথা গাঁৱখনৰ জোঁৱাই নিনং ইৰিঙে । বিধায়কগৰাকী উপস্থিত থাকি কয়, "আজি এটা অতিকৈয়ে সুখৰ দিন ৷ কাৰণ মিৰেম গাঁওখনে অতিক্ৰম কৰিছে সুদীৰ্ঘ ৭৫ বছৰ ৷ এই গাঁওখনৰ লগত মোৰ অতি পুৰণি আৰু ঘনিষ্ট সম্পৰ্ক আছে ৷ কাৰণ মই এই গাঁওখনৰ জোঁৱাই বাবু ৷ মই এই গাঁওখনৰ কেৱল জোঁৱাইয়ে নহয়, মই এই গাঁওখনৰ এজন নাগৰিক ৷ কাৰণ 1971 চনত মোৰ পিতৃ পৰলোক প্ৰাপ্তি হোৱাৰ পিছৰে পৰা মই এই গাঁৱতে বসবাস কৰিছো ৷"