অসম

assam

ETV Bharat / state

লক ডাউনঃ ব'হাগৰ বতৰতে হতাশ ঢোল ব্যৱসায়ী ! - বিহুৱা ডেকাৰ হেঁপাহৰ ঢোল

এফালে নিমাত নিস্তব্ধ বিহুতলী, আনফালে হতাশ ঢুলীয়া ৷ এইবেলি ব'হাগত অৱহেলিত হৈ পৰিছে হেপাঁহৰ ঢোল ৷ ঢোলৰ দোকানত পৰিত্যক্ত হৈ পৰি থাকিল অসংখ্য কাঠৰ ঢোলৰ খোলা, বৰতী ৷

dhol  maker face problem because of lock down
উৰুঙা ব'হাগত হতাশ ঢোল ব্যৱসায়ী !

By

Published : Apr 13, 2020, 5:13 PM IST

ধেমাজি,13 এপ্ৰিলঃগৰু বিহু দিনাও ঢোলৰ দোকানত অৱহেলিত হৈ পৰি থাকিল বিহুৱা ডেকাৰ হেঁপাহৰ ঢোল ৷ ঢোলৰ দোকানত পৰিত্যক্ত হৈ পৰি থাকিল অসংখ্য ঢোলৰ কাঠৰ খোলা, বৰতী ৷ ধেমাজি নগৰৰ একমাত্ৰ ধেমাজি বাদ্য নামৰ জনপ্ৰিয় ঢোল বিক্ৰী কৰা ব্যৱসায়ী প্ৰতিষ্ঠানত এতিয়া নিমাওমাও পৰিৱেশ ৷ লক ডাউনৰ বাবে বন্ধ হৈ পৰিছে ঢোলৰ দোকান ৷ উল্লেখ্য যে, বিহুত ঢোলৰ ব্যৱসায়ৰ বাবে বেংকৰ পৰা ঋণ লৈ ঢোল তৈয়াৰ কৰাৰ বাবে কেঁচামাল আনিছিল ব্যৱসায়ীজনে ৷

উৰুঙা ব'হাগত হতাশ ঢোল ব্যৱসায়ী !

পৰিতাপৰ বিষয় যে, এতিয়া লক ডাউনৰ বাবে হতাশজনক অৱস্থাৰ সৃষ্টি হৈছে ঢোল ব্যৱসায়ীৰ মাজত ৷ ইফালে হেঁপাহৰ বিহুত মুকলিকৈ ঢোলত চাপৰ মাৰিব নোৱাৰি দুখ প্ৰকাশ কৰিছে বিহুৱা ডেকাই ৷

লগতে পঢ়কঃপৰম্পৰা ৰক্ষা কৰি ৰাজ্যজুৰি গৰু বিহু পালন !

ABOUT THE AUTHOR

...view details