অসম

assam

ETV Bharat / state

PMAY আঁচনিৰ নামত দৰিদ্ৰক প্ৰৱঞ্চনাৰ অভিযোগ - চিলাপথাৰ নগৰ সমিতি

ধেমাজি পাঁচআলি টঙনাপৰা আহোম গাঁৱৰ সঞ্জীৱ তামুলী নামৰ এজন লোকে ধেমাজি নগৰ সমিতি আৰু চিলাপথাৰ নগৰ সমিতিৰ অধীনত চৰকাৰী আৱাসগৃহ প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ৷

ধেমাজিত PMAY আঁচনিৰ নামত দৰিদ্ৰক প্ৰৱঞ্চনাৰ অভিযোগ
ধেমাজিত PMAY আঁচনিৰ নামত দৰিদ্ৰক প্ৰৱঞ্চনাৰ অভিযোগ

By

Published : Feb 14, 2021, 2:11 PM IST

ধেমাজি,14 ফেব্ৰুৱাৰী: ধেমাজি নগৰ সমিতি আৰু চিলাপথাৰ নগৰ সমিতিৰ অধীনত চৰকাৰী আৱাসগৃহ প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে পাঁচআলি টঙনাপৰা আহোম গাঁৱৰ সঞ্জীৱ তামুলী নামৰ এজন লোকে ৷ লোকজনে তথ্য জনাৰ অধিকাৰ শীৰ্ষক আইনৰ সহায়ত চিলাপথাৰ নগৰ সমিতিত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে ৷ ইতিমধ্যে সকলো তথ্য ধেমাজি জিলা উপায়ুক্তৰ ওচৰত দাখিল কৰিছে লোকজনে ৷

লোকজনে উত্থাপন কৰা অভিযোগ মতে, দৰিদ্ৰ পৰিয়ালক এটি আৱাস গৃহ আৱণ্টন দিয়াৰ সপোন দেখুওৱা চৰকাৰখনে কাৰ্যত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ ঘৰ আৱণ্টনৰ লগত জড়িত কাম-কাজ জিলা সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়া, কৰ্মচাৰীৰ টেবুলৰ ফাইলতে আৱদ্ধ হৈ পৰি ৰৈছে ৷ আৱাসগৃহ আৱণ্টন দিয়াৰ নামত দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি আৰ্থিকভাৱে সবল ব্যক্তিক চৰকাৰী গৃহ প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে দুইখন নগৰ সমিতিৰ বিৰুদ্ধে ৷

ধেমাজিত PMAY আঁচনিৰ নামত দৰিদ্ৰক প্ৰৱঞ্চনাৰ অভিযোগ

ইপিনে, চৰকাৰী বিভিন্ন অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বিশাল বিজ্ঞাপনৰ নামত চমক সৃষ্টি কৰিয়ে যেন ধেমাজিৰ সংশ্লিষ্ট বিভাগে দায়িত্ব সামৰিছে ৷ অভিযোগকাৰী লোকজনে ধেমাজি নগৰ সমিতিৰ অধীনৰ নিমাতী চুকৰ 10/12 টা দৰিদ্ৰ পৰিয়াললৈ বাৰিষাৰ পূৰ্বে গৃহ আৱণ্টন দিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক:চৰকাৰক মুকলি প্ৰত্যাহ্বান কৰ্মচাৰী সন্থাৰ

ABOUT THE AUTHOR

...view details