অসম

assam

ETV Bharat / state

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত ধেমাজিৰ পুস্পাঞ্জলি - ধেমাজিৰ পুস্পাঞ্জলি

কিউব পাজ’লৰ জৰিয়তে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডলৈ ধেমাজিৰ পুস্পাঞ্জলি ৷ পূৰ্বৰ ৰেক'ৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড গঢ়া পুস্পাঞ্জলিয়ে ইতিমধ্যে ৩ টা ৰেক'ৰ্ডৰে স্বীকৃতিপত্ৰ লাভ কৰিছে ৷

গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত ধেমাজিৰ পুস্পাঞ্জলি
গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত ধেমাজিৰ পুস্পাঞ্জলি

By

Published : Oct 15, 2020, 6:40 PM IST

ধেমাজি, 15 অক্টোবৰ : বিগত কেইবামাহ ধৰি চলি থকা লকডাউনে জনজীৱনত ব্য়াপকভাৱে প্ৰবাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ এই লকডাউনৰ সময়ছোৱাত বিভিন্ন জনৰ জীৱনলৈ বিপদ নমাই আনিছে যদিও বিভিন্ন জনৰ প্ৰতিভা বিকাশ কৰাত সহায় কৰিছে ৷

গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত ধেমাজিৰ পুস্পাঞ্জলি

এই ল’কডাউনৰ সময়তেই পুষ্পাঞ্জলি দাস নামৰ এগৰাকী যুৱতীয়ে ৩ মিনিট ২৭ চেকেণ্ডত ৫ টাকৈ কিউব পাজ’ল (Cube Puzzle) সমাধান কৰি বৰ্তমান ৩ টাকৈ ৰেক’ৰ্ড কৰিবলৈ সক্ষম হৈছে ৷

গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত ধেমাজিৰ পুস্পাঞ্জলি

অসম বুক অৱ ৰেক'ৰ্ড, ইণ্ডিয়ান বুক অৱ ৰেক'ৰ্ড আৰু ব্ৰেভ' ইন্টাৰনেচনেল ৱৰ্ল্ড ৰেক'ৰ্ডত পূৰ্বৰ ৰেক'ৰ্ড ভংগ কৰি নতুন ৰেক'ৰ্ড গঢ়া পুস্পাঞ্জলিয়ে ইতিমধ্যে তিনিওটা ৰেক'ৰ্ডৰে স্বীকৃতিপত্ৰ লাভ কৰিছে ৷ সম্প্ৰতি পুস্পাঞ্জলিয়ে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেক'ৰ্ড কৰাৰ মন মেলিছে ৷

লগতে পঢ়ক :অসম-মিজোৰাম প্ৰশাসনৰ বৈঠক



ABOUT THE AUTHOR

...view details