ধেমাজী, 27 নৱেম্বৰ: নিবনুৱা সমস্যাৰে জৰ্জৰিত অসমত ৰাজ্যৰ অধিকাংশ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনৰ অভাৱত হতাশগ্ৰস্ত হৈ পৰাৰ সময়তে আত্মনিৰ্ভৰশীলতাৰ এক নিদৰ্শন দাঙি ধৰিছে ধেমাজীৰ এগৰাকী উদ্যমী যুৱক ভাস্কৰ বৰগোঁহাইয়ে ৷ চৰকাৰী চাকৰি লাভ কৰাৰ অপেক্ষাত একাংশ নিবনুৱা যুৱক যুৱতীৰ দৰে আশাহত হৈ নপৰি অতি কম মূলধনেৰেও যে আত্মনিৰ্ভৰশীল হ'ব পাৰি যুৱক গৰাকীয়ে তাৰে নিদৰ্শন দাঙি ধৰিছে ৷ ইটোৰ পাছত সিটো দুৰ্যোগৰ লগতে ক'ৰণা অতিমাৰীয়ে ৰাজ্যৰ লগতে দেশৰ অৰ্থব্যৱস্থা প্ৰায় কোঙা কৰি পেলোৱাত বহুসংখ্যক লোক কৰ্মহীন হৈ পৰাৰ মাজতে এখন সাধাৰণ ৰেষ্টুৰেন্টৰ ব্যৱসায়েৰে ভাস্কৰে আত্মনিৰ্ভৰশীল হোৱাৰ আশা বুকুত বান্ধি আগবাঢ়িছে ৷
প্ৰায় এমাহ পূৰ্বে অতি কম মূলধনেৰে ধেমাজীৰ কলেজ তিনিআলি চকত ভাস্কৰে বি জি ৰেষ্টুৰেন্ট নামেৰে এখন ৰেষ্টুৰেন্ট খুলি নিজাকৈ ক্ষুদ্ৰ ব্যৱসায়ৰ আৰম্ভ কৰিছে ৷ নিজৰ লগতে ৰেষ্টুৰেন্টখনৰ সহায়কাৰী হিচাপে অন্য এগৰাকী যুৱক ৰবিৰ বাবেও সংস্থাপনৰ বাট মুকলি কৰি ভাস্কৰে এতিয়া এই কথা প্ৰমাণ কৰিছে যে এখন সাধাৰণ ৰেষ্টুৰেন্ট বহুজনৰ বাবে জীয়াই থকাৰ সম্বল হৈ থিয় দিব পাৰে ৷
ভাস্কৰে জানিবলৈ দিয়ে যে ৰেষ্টুৰেন্টখন আটকধুনীয়াকৈ নিৰ্মাণ কৰিব নোৱাৰিলেও তেওঁলোকে গ্ৰাহকৰ সুবিধাৰ্থে বাঁহেৰেই 5 টা সৰু সৰু কোঠা নিৰ্মাণ কৰিছে লগতে ৰেষ্টুৰেন্টখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে ৷ তেওঁৰ লগতে ৰেষ্টুৰেন্ট খনত সহায়কাৰী হিচাপে কাম কৰা ৰবিৰ পৰিয়ালটোৱেও জীয়াই থকাৰ বাবে সকাহ লাভ কৰাত তেওঁ যথেষ্ট সুখী অনুভৱ কৰিছে বুলিও ভাস্কৰে জানিবলৈ দিয়ে ৷