অসম

assam

By

Published : Feb 20, 2023, 9:13 PM IST

ETV Bharat / state

Self Sufficiency Farming: গাহৰি-কুকুৰা পালনেৰে লক্ষাধিক টকা উপাৰ্জন ধেমাজিৰ যুৱকৰ

কেৱল গাহৰি আৰু কুকুৰা পালন (Pig and chicken firming) কৰিয়েই মাহিলি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধেমাজিৰ এগৰাকী যুৱকে ৷ বজাৰত গাহৰি আৰু কুকুৰাৰ মাংস বিক্ৰী কৰাৰ লগতে গাহৰি পোৱালিও বিক্ৰী কৰি আহিছে জিতু গগৈ নামৰ যুৱকজনে ৷ কিন্তু বৰ্তমানেও চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছে জিতু ৷

Self Sufficiency Farming
গাহৰি আৰু কুকুৰা পালনেৰে লক্ষাধিক টকা উপাৰ্জন ধেমাজিৰ যুৱকৰ

গাহৰি আৰু কুকুৰা পালনেৰে লক্ষাধিক টকা উপাৰ্জন ধেমাজিৰ যুৱকৰ

ধেমাজি, 20 ফেব্ৰুৱাৰী:এই কথা সততে কোৱা হয় যে, অসমীয়া যুৱক-যুৱতীয়ে কৃষি কাৰ্য আদি কৰিবলৈ অনিহা প্ৰকাশ কৰে ৷ কিন্তু ধেমাজিৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে পশুপালন কৰি দেখুৱাবলৈ সক্ষম হৈছে আদৰ্শ ৷ পশুপালন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনকো দেখুৱাইছে স্বাৱলম্বৰ পথ (Pig and chicken firming) ৷

হয়, ধেমাজি জিলাৰ মৰিধল হাহঁচৰা গাঁৱৰ জিতু গগৈ নামৰ যুৱকজনে কেৱল গাহৰি আৰু কুকুৰা পালন কৰিয়েই উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লক্ষাধিক টকা ৷ আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ পাচতেই চৰকাৰী চাকৰিৰ পিচত দৌৰাৰ বিপৰীতে কৃষি-কৰ্ম আৰু পশুপালনত আত্মনিয়োগ কৰে জিতু গগৈয়ে ৷ নিজেও সংস্থাপিত হোৱাৰ লগতে আন দহজনকো সংস্থাপন দিয়াৰ লক্ষ্যৰে জিতু গগৈয়ে কৰি গৈছিল কষ্ট ৷

এই পৰিকল্পনা আগত ৰাখি কেৱল দুটা গাহৰি আৰু দুশ কুকুৰা লৈ জিতুৱে আৰম্ভ কৰে ব্যৱসায় ৷ কিন্তু বৰ্তমাৰ জিতুৰ ফাৰ্মত আছে 6 টাকৈ উন্নত প্ৰজাতিৰ 3 শতাধিক গাহৰি ৷ লগতে আছে কয়লাৰ, ব্লেক চিকেন আদি প্ৰজাতিৰ 500ৰো অধিক কুকুৰা (Poultry farming in Dhemaji) ৷ কুকুৰা আৰু গাহৰিৰ লগতে জিতুৱে পালন কৰি আহিছে হাঁহ আৰু মাছ ৷ ইয়াৰ লগতে নিজৰ বাৰীতেই কৰিছে বিভিন্ন শাক-পাচলিৰ লগতে ফলমূলৰ খেতি ৷

সম্প্ৰতি জিতুয়ে তেওঁৰ উৎপাদিত গাহৰি আৰু কুকুৰাসমূহ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ইটানগৰ, পাচিঘাট, দাফোচি, আলং আদি অঞ্চলত বিক্ৰী কৰি আহিছে ৷ কেৱল বজাৰত গাহৰি মাংস বিক্ৰী কৰাই নহয়, প্ৰতিমাহে 70 টাকৈ গাহৰি পোৱালি বিক্ৰীৰ বাবে উলিয়াই দিয়ে বজাৰলৈ আৰু প্ৰতিটো পোৱালি বিক্ৰী কৰে 6 হাজাৰ টকাৰ পৰা 15 হাজাৰ টকাৰ মূল্যত (Pig farming in Assam) ৷

উল্লখ্য যে, 2012 চনৰ পৰা নিজ ঘৰতে কৃষি-কাৰ্য কৰি থকা জিতুৱে 1018 চনৰ পৰা সম্পূৰ্ণ ব্যৱসায়ীক ভিত্তিত গাহৰি আৰু কুকুৰা পালন কৰিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ পিচৰে পৰা আৰু পাচলৈ জিতুৱে ঘূৰি চাব লগা হোৱা নাই ৷ নিজৰ লগতে আন পাঁচটা পৰিয়ালকো সম্প্ৰতি নিয়োজিত কৰিবলৈ সক্ষম হৈছে ৷

যুৱ প্ৰজন্মৰ আগ্ৰহীসকলৰ প্ৰতি জিতুৱে কয়, ‘‘ সকলো কামতে প্ৰত্যাহ্বান থাকে ৷ বিশেষকৈ এই কামত প্ৰতিকাৰতকৈ নিয়ন্ত্ৰণ অতি উত্তম ৷ কাৰণ ফাৰ্মখন হাইজেনিক হোৱাৰ লগতে বীজানুনাশক ব্যৱহাৰ কৰাটো আৱশ্যক ৷ বীজানুনাশক ৰাসায়নিক দ্ৰব্যৰে ভৰি বা জোতা, চেণ্ডেল তিয়াই ফাৰ্মত প্ৰৱেশ কৰাটো বাঞ্ছনীয় ৷ অন্যাথা যিকোনো লোকক ফাৰ্ম চাবলৈ উৎসাহিত কৰিব নালাগে ৷ গতিকে বেমাৰৰ প্ৰতিৰোধৰ সজাগতা অৱলম্বন কৰিলে চিকিৎসকৰ প্ৰয়োজন নাই আৰু গৰাকীয়ে লোকচানৰ মুখ নেদেখে ৷’’ কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই জিতু গগৈক ৷

লগতে পঢ়ক:Tribute to Poet Ganesh Gogoi: কবি-সাহিত্যিকেৰে জীপাল জোনাই বালিকা মহাবিদ্যালয়

ABOUT THE AUTHOR

...view details