অসম

assam

ETV Bharat / state

ধেমাজিত বিজেপিলৈ কংগ্ৰেছীৰ সোঁত - ধেমাজি জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সহ শতাধিকৰ বিজেপিত যোগদান

ধেমাজি জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সহ শতাধিকৰ বিজেপিত যোগদান ৷ প্ৰাক্তন কংগ্ৰেছীক গেৰুৱা দলৰ হৈ বিধায়ক ৰনোজ পেগুৰ আদৰণি ৷

ধেমাজিত জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সহ শতাধিকৰ বিজেপিত যোগদান

By

Published : Aug 19, 2019, 10:43 PM IST

ধেমাজি, 19 আগষ্ট: সোমবাৰে ধেমাজিৰ ৰূপকোৱঁৰ জ্যোতি প্ৰসাদ আগৰৱালা স্মৃতি ভৱনত অনুষ্ঠিত এক সভাত অনুষ্ঠানিক ভাৱে গেৰুৱাবসন পিন্ধিলে জিলা ধেমাজি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ঋষভ গগৈকে আদি কৰি ধেমাজি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দ্বীপশিখা বৰশইকীয়া গগৈ , নৰোৱাথান পঞ্চায়তৰ সভানেত্ৰী ভাৰতী গগৈৰ লগতে আজোহা আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ সদস্যা মনিকা গগৈ ফুকনকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে৷ সভাত নৱ-বিজেপি সকলক দললৈ আদৰণি জনাই আগন্তুক দিনত একেলগে অধিক শক্তিশালী হৈ কাম কৰিব বুলি মন্তব্য কৰে ধেমাজিৰ বিধায়ক ৰণোজ পেগুয়ে ৷ ইফালে দলৰ কাম কাজৰ ওপৰত অসন্তুষ্ট হৈ বিজেপি দলত যোগদান কৰাৰ কথা সদৰি কৰে জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ঋষভ গগৈয়ে ৷ ইতিমধ্যে ধেমাজি জিলাত নতুন কৈ প্ৰায় ষাঠি হাজাৰ সদস্যভৰ্তি হৈছে গেৰুৱা দলটোত ৷

ধেমাজিত বিজেপিলৈ কংগ্ৰেছীৰ সোঁত

For All Latest Updates

ABOUT THE AUTHOR

...view details