অসম

assam

ETV Bharat / state

ধেমাজিৰ বিদ্যুতৰ মুখলৈ হাঁহি আনিছে তৰমুজৰ খেতিয়ে

তৰমুজৰ খেতিয়ে মুখত হাঁহি বিৰিঙাইছে ধেমাজিৰ বিদ্যুৎ ফুকনৰ ৷ মাত্ৰ ডেৰ কঠা মাটিত তৰমুজৰ খেতি কৰি যঠেষ্ট লাভৱান হোৱা বুলি জানিবলৈ দিছে কৃষকগৰাকীয়ে ৷

ধেমাজিত তৰমুজৰ খেতিয়কৰ মুখত হাঁহি
ধেমাজিত তৰমুজৰ খেতিয়কৰ মুখত হাঁহি

By

Published : Apr 25, 2021, 3:54 PM IST

ধেমাজী, 25 এপ্ৰিল : ধেমাজিৰ এগৰাকী কৃষকৰ মুখলৈ হাঁহি আনিছে তৰমুজৰ খেতিয়ে ৷ ধেমাজি জিলাৰ বৰদলনিৰ বৰবাম কছাৰী পথাৰ গাঁৱৰ বিদ্যুৎ ফুকন নামৰ খেতিয়কজনে তৰমুজৰ খেতি কৰি আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হৈছে ৷

কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, সুদীৰ্ঘ ১০ বছৰ ধৰি নিৰৱছিন্নভাৱে কৃষিকৰ্মৰ সৈতে জড়িত হৈ থাকি এইবাৰ এগৰাকী বন্ধুৰ প্ৰেৰণাত মাত্ৰ ডেৰ কঠা মাটিত তৰমুজৰ খেতি কৰি তেওঁ উৎসাহিত হৈ পৰিছে ৷ ইতিমধ্যে কৃষকগৰাকীয়ে প্ৰায় বিশ কুইন্টল তৰমুজ প্ৰতি কেজিত বিশ টকা পাইকাৰী মূল্যত ধেমাজিৰ বজাৰলৈ উলিয়াই দিছে ৷ এইবাৰ প্ৰায় ২০ ৰ পৰা ৩০ কুইণ্টল তৰমুজ উৎপাদন হোৱা বুলি মন্তব্য কৰে কৃষকজনে ৷

ধেমাজিত তৰমুজৰ খেতিয়কৰ মুখত হাঁহি

ৰাসায়নিক সাৰৰ পৰিৱৰ্তে কেৱল জৈৱিক সাৰ প্ৰয়োগ কৰিয়েই উৎকৃষ্ট মানদণ্ডৰ তৰমুজ উৎপাদন কৰা বুলি উল্লেখ কৰে বিদ্যুৎ ফুকনে ৷ তৰমুজৰ সমান্তৰালভাৱে মাকৈ, তিয়ঁহ, কেৰেলা, ৰঙালাও আদিৰ খেতি কৰা যুৱকজনে ধেমাজি অন্য কৃষককো তৰমুজৰ খেতি কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :মৰাণৰ বজাৰে বজাৰে কি কৰিছে চক্ৰ বিষয়াই ?

ABOUT THE AUTHOR

...view details