ধেমাজি, 7 জানুৱাৰী : ধেমাজিৰ হাতীগড় গাঁও পঞ্চায়ত কাৰ্যালয়ত বৃহস্পতিবাৰে ভি অ চি চি কাৰ্যালয় মুকলি কৰা হয় ৷ কাৰ্যালয়টোৰ উদ্বোধন কৰে ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰীয়ে ৷
ধেমাজিৰ হাতীগড় পঞ্চায়তত ভি.অ.চি.চি. কাৰ্যালয় মুকলি - মহিলা সবলীকৰণ
ধেমাজিৰ হাতীগড় গাঁও পঞ্চায়ত কাৰ্যালয়ত ভি অ চি চি কাৰ্যালয় মুকলি ৷ ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰীয়ে উদ্বোধন কৰে কাৰ্যালয়টো ৷
ইয়াৰ পিছতেই হাতীগড় গাঁও পঞ্চায়তৰ সভানেত্ৰী তিলোমনি পেগু কোঁৱৰৰ সভাপতিত্বত উদ্বোধনী সভা অনুষ্ঠিত কৰা হয় ৷ গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ মহিলা সকলে ভি অ চি চি কাৰ্যালয়ৰ জৰিয়তে চৰকাৰী মহিলা সবলীকৰণৰ আঁচনি বিষয়ে অধিক তথ্য লাভ কৰিবলৈ সক্ষম হব বুলি সভাত মন্তব্য কৰে ভি অ চি চিৰ ধেমাজি খণ্ডৰ পঞ্চায়তত দায়িত্বত থকা মহিলা বিষয়াসকলে ৷
ইতিমধ্যে ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ পাঁচটা পঞ্চায়ত ক্ৰমে হাতীগড় , মৰিধল , বিষ্ণুপুৰ ,চমৰাজান জীয়াঢল গাওঁ পঞ্চায়তত ভিঅচি চি কাৰ্যালয় মুকলি কৰি গ্ৰামাঞ্চলৰ মহিলা আৰু চৰকাৰী বিভাগৰ লগত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় অখিল গগৈৰ মুক্তি !