ধেমাজি, 2 এপ্ৰিল : 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপি দলকসমৰ্থন জনাব সংযুক্ত বড়ো গণ মঞ্চই ৷ মঙলবাৰে এক সংবাদমেলত এই কথা সদৰিকৰে সংগঠনটোৰ জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে ৷ বিটিএডিৰ বাহিৰত ২১ খন জিলাৰ দহ লক্ষাধিক বড়ো ৰাইজৰ বাবে বড়ো কছাৰী স্বায়ত্ব পৰিষদ গঠনৰ নিশ্চিয়তা প্ৰদান কৰিছে বিজেপি দলে ৷ তদুপৰি কাৰ্বি আংলং, ডিমা হাছাও জিলাত বাস কৰা বড়োসকলকো পাহাৰীয়া জনজাতিৰ মৰ্যদা প্ৰদান কৰা, ভাষা কলা সংস্কৃতি বিকাশৰ বাবে ধেমাজি জিলাৰ চিমেন চাপৰিত আৰু গোলাঘাটত দুটাকৈ দূৰদৰ্শন কেন্দ্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিও বিজেপি দলটোৱে প্ৰদান কৰিছে যিহেতু বিজেপিক সমৰ্থন জনাব বুলিমন্তব্য কৰে মনোৰঞ্জন বসুমতাৰীয়ে ।
লোকসভা নিৰ্বাচনত বিজেপিলৈ সমৰ্থন সংযুক্ত বড়ো গণ মঞ্চৰ - সংযুক্ত বড়ো গণ মঞ্চৰ
সমাগত লোকসভাৰ নিৰ্বাচনত বিজেপি দলক সমৰ্থন জনাব সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউ বি পি অ’ৱে । মঙলবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে সংগঠনটোৰ নেতৃবৰ্গই ।
লোকসভা নিৰ্বাচনত বিজেপিলৈ সমৰ্থন সংযুক্ত বড়ো গণ মঞ্চৰ
ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক শুক্ৰেশ্বৰ গৈয়াৰীয়ে তেওঁলোকৰ নিজা সমস্যা থকাৰ বাবে সময়তৰাইজে লোৱা সিদ্ধান্তৰ লগতথিয় দিবলৈ চেষ্টা কৰিব বুলি কৌশলী মন্তব্য কৰে ৷