ধেমাজিত তিৱাসকলৰ লোক নৃত্যৰে জীপাল হ'ল "বিশাগ দমাছি্" - ধেমাজি
সদৌ তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু বৰদলনি আঞ্চলিক তিৱা ছাত্ৰ সন্থাৰ সহযোগত বৰদলনিৰ মাইচা তিৱা কৃষ্টি ভৱনৰ বাকৰিত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় জনগোষ্ঠীটোৰ "বিশাগ দমাছি্" ।

ধেমাজি,24 এপ্ৰিল: বুধবাৰে অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকলৰ বিভিন্ন লোক নৃত্যৰে মুখৰিত হ'ল ধেমাজিৰ বৰদলনি মাইচা তিৱা কৃষ্টি ভৱনৰ বাকৰি । সদৌ তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু বৰদলনি আঞ্চলিক তিৱা ছাত্ৰ সন্থাৰ সহযোগত বৰদলনিৰ মাইচা তিৱা কৃষ্টি ভৱনৰ বাকৰিত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় জনগোষ্ঠীটোৰ "বিশাগ দমাছি্" । পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱাৰ পাচত মুকলিকৈ প্ৰদৰ্শন কৰে জনগোষ্ঠীৰ টোৰ পৰম্পৰাগত বৰত মিচাৱা, লাংখুন নৃত্য, লালিং লা, পামুৱা, বানচোৱা, মাই বাবা মিচাৱা আদি লোকনৃত্য । পৰম্পৰাগত পোচাক পৰিধান কৰা যুৱক-যুৱতীৰ 7 টাকৈ দলে অংশগ্ৰহণ কৰি জীপাল কৰি তোলে বৰদলনি মাইচা তিৱা কৃষ্টি ভৱনৰ বাকৰি । ইপিনে জনগোষ্ঠীটোৰ হেৰাই যাবলৈ ধৰা লোকনৃত্য সমূহ উঠি অহা প্ৰজন্মই ধৰি ৰখাৰ প্ৰয়াস কৰা বুলি মন্তব্য কৰে উদ্যোগক্তাসকলে ৷