অসম

assam

By

Published : Mar 9, 2021, 8:39 PM IST

ETV Bharat / state

ধেমাজিত অন্তিম দিনা তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

মঙলবাৰে ধেমাজি সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়া তথা উপায়ুক্ত ডাঃ জীৱন বিৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ পূৰ্বে দলীয় সমৰ্থকসহ ৰাজপথত সমদল কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ শক্তি প্ৰদৰ্শন কৰে ৷

ধেমাজিত অন্তিম দিনা তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
ধেমাজিত অন্তিম দিনা তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ধেমাজি,9 মাৰ্চঃৰাজ্যত প্ৰথম পৰ্যায়ৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত মঙলবাৰে ধেমাজি সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়া তথা উপায়ুক্ত ডাঃ জীৱন বিৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ পূৰ্বে দলীয় সমৰ্থকসহ ৰাজপথত সমদল কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ শক্তি প্ৰদৰ্শন কৰিলে ধেমাজিত ৷ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি কংগ্ৰেছ-জাতীয় পৰিষদৰ প্ৰাৰ্থী আৰু ৰাইজৰ দল-জাতীয় পৰিষদৰ প্ৰাৰ্থীৰে কৰিলে আলিংগন ৷

ধেমাজিত অন্তিম দিনা তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

উল্লেখ্য যে, ১১৩ নং ধেমাজি বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন সোণোৱালে ৷ একেদৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হৈ চিত্তৰঞ্জন বসুমতাৰী আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী নৰেন্দ্ৰ পাৱে পৃথকে পৃথকে মনোনয়ন দাখিল কৰে ৷

ধেমাজিত অন্তিম দিনা তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ মতে এইবাৰ অসমত জাতীয় পৰিষদৰ নেতৃত্বত জাতীয়তাবাদৰ চৰকাৰ হ’ব ৷ সেইদৰে কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ মন্তৱ্য আমি মূল বিৰোধী বুলি কাকোৱেই এই মুহুৰ্তত চিহ্নিত কৰা নাই ৷ তাৰ সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী নৰেন্দ্ৰ পাৱেও মনোনয়ন পত্ৰ দাখিল কৰি বিজেপিৰ লগতে তেওঁলোকৰ নিৰ্বাচনী যুঁজখন হ’ব বুলি মন্তব্য কৰে ৷

ধেমাজিত অন্তিম দিনা তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
লগতে পঢ়কঃ লবীকেন্দ্ৰিক ৰাজনীতিত বিধ্বস্ত কংগ্ৰেছ: কল্যাণ গগৈ

ABOUT THE AUTHOR

...view details