ধেমাজি,6আগষ্টঃ নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত সদৌ অসম হাইস্কুল ঠিকাভিত্তিক শিক্ষক সংস্থাই বন্ধ ৰাখিছে পাঠদান কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ তৃতীয় দিনাও নিজৰ মতত অটল থাকিল ঠিকা ভিত্তিক শিক্ষক সংস্থা ৷ অসমৰ বিভিন্ন ৰাজ্যৰ লগতে ধেমাজি জিলাৰ মুঠ 145 গৰাকী ঠিকাভিত্তিক শিক্ষকে বিদ্যালয়সমূহত শ্ৰেণী বৰ্জন কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ফলত গণিত ,ইংৰাজী আৰু বিজ্ঞান বিষয়ত পাঠদানৰ পৰা বঞ্চিত হবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকল ।
ঠিকা ভিত্তিক শিক্ষকৰ প্ৰতিবাদঃ ধেমাজিত পঞ্চম দিনাও ব্যাহত পাঠদান - পাঠদান
পঞ্চম দিনাও নিজৰ মতত অটল থাকিল ঠিকা ভিত্তিক শিক্ষক সংস্থা ৷ অসমৰ বিভিন্ন ৰাজ্যৰ লগতে ধেমাজি জিলাৰ মুঠ 145 গৰাকী ঠিকাভিত্তিক শিক্ষকে বিদ্যালয়সমূহত শ্ৰেণী বৰ্জন কাৰ্যসূচী অব্যাহত ৰাখিছে
ধেমাজিত ব্যাহত পাঠদান প্ৰক্ৰিয়া
ইফালে পাঠদানৰ পৰা বিৰত থাকিবলগীয়া হোৱাৰ বাবে ধেমাজি জিলা শিক্ষক সংস্থাৰ সম্পাদকগৰাকীয়ে জিলাবাসীৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰে ৷ চৰকাৰে চাকৰি নিয়মীয়া কৰি তেওঁলোকক নিৰাপত্তা দিয়াৰ বাবে দাবী জনাই ধেমাজি জিলা শিক্ষক সংস্থাই । তেওঁলোকৰ দাবী তথা চাকৰি নিয়মীয়া নকৰা পৰ্যন্ত এনে শ্ৰেণী বৰ্জন অব্যাহত থাকিব আৰু আৰু পৰৱৰ্তী সময়তো আন্দোলন অধিক তীব্ৰতৰ হ'ব বুলি মন্তব্য কৰে শিক্ষকসকলে ।