অসম

assam

ETV Bharat / state

ধেমাজিত জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী

কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী । ধেমাজিতো মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ ধেমাজি জিলা সমিতিয়ে ।

ধেমাজিত জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী
ধেমাজিত জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী

By

Published : Dec 24, 2020, 7:09 PM IST

ধেমাজি, ২৪ ডিচেম্বৰ: বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়া আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধেমাজিত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰা মানৱ শৃংখলত শতাধিক লোকে অংশগ্ৰহণ কৰে ।

অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্ল'গানেৰে ধেমাজিৰ ৰাজপথ উত্তাল কৰি তোলে সংগঠনৰ সদস্যসকলে ৷ আনহাতে, 'কা' প্ৰত্যাহাৰ নকৰিলে আৰু অখিল গগৈক বিনা চৰ্তে মুক্তি নিদিলে পুনৰ ধাৰাবাহিকভাৱে গাঁৱে ভূঞে আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি যুগল গগৈয়ে ৷

মানৱ শৃংখল কাৰ্যসূচীত ধেমাজি জিলা সমিতিৰ উপ-সভাপতি ভাস্কৰ বৰগোহাঁই, যুটীয়া সম্পাদক মন্টু কাৰ্দং, হিল্লোল ৰাজ বুঢ়াগোঁহাইৰ লগতে আন সদস্যসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহতো 'কা' বিৰোধী সপ্তাহ হিচাপে ঘোষণা কৰিছে । এই সময়চোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাইজ মেল, সমদল অনুষ্ঠিত কৰি ৰাইজক জাতিধ্বংসী আইনখনৰ ভয়াৱহ প্ৰভাৱৰ বিষয়ে সজাগ কৰিব সংগঠনটোৱে ।


লগতে পঢ়ক:নগাঁৱত তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details