ধেমাজি 11 আগষ্ট : ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি ৷ ২২ বছৰ পূৰ্বে মৃত্যু হোৱা এজন ব্যক্তিক ২০১৪ চনত জাল চহীৰে পুনৰ জীৱিত কৰি তুলিছে দুৰ্নীতিৰ বোকাত নিমজ্জিত ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়টোয়ে৷ এই সমস্ত কেলেংকাৰী ঘটনা পোহৰলৈ আহিছে লুকুমনি গগৈ নামৰ এজন লোকৰ তথ্য জনা অধিকাৰ আইনৰ সহায়ত । লোকজনৰ অভিযোগ ধেমাজি মৌজাৰ ২ নং ধেমাজি ব্লক মানচিত্ৰৰ ৩৫ নং ম্যাদী পটা ৪৫ নং দাগৰ এবিঘা মাটি ভদ্ৰেশ্বৰ চমুৱা , প্ৰয়াত টংক বকল , আৰু অনুপমা গোহাঁই নামত হৈ আছিল নামজাৰী ৷ কিন্তু কাৰ্যালযটোৰ এচাম দুৰ্নীতিগ্ৰস্থ কৰ্মচাৰীৰ সহযোগত চহী জালিয়াতি কৰি অভিজিত চুতীয়া নামৰ লোকজনে মাটিখিনি ক্ৰয় কৰাৰ চেষ্টা চলাই ৷
মৃত ব্যক্তিক জীৱিত সজালে ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ে - লুকুমনি গগৈ
২২ বছৰ পূৰ্বে মৃত্যু হোৱা এজন ব্যক্তিক ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ে সজালে জীৱিত ৷ ঘটনাৰ বাবে ৰুজু হৈছে গোচৰ ৷
মৃত ব্যক্তিক জীৱিত সজালে ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয়ে
ইতিমধ্যে সম্পত্তি চূড়ান্ত জালিয়াতিৰে বিক্ৰী কৰিব বিচৰা অভিজিত চুতীয়া , স্বৰ্ণ দিহিঙীয়া , সাক্ষী ভূৱন দিহিঙীয়া , কাননগো ৰমেন বুঢ়াগোহাঁই , মণ্ডল ভোলা তামুলী , আৰু গোবিন শইকীয়াৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ । কিন্তু গোচৰ নং 305/2019 ভাৰতীয় দণ্ডবিধি আইনৰ 12/b/419/420/468/471 নম্বৰৰ ধাৰাত জামিনবিহীন গোচৰ ৰুজু হৈছে ৷ কিন্তু আৰক্ষীয়ে বৰ্তমানেও কৰায়ত্ত কৰা নাই অভিযুক্তসকলক ৷