অসম

assam

ETV Bharat / state

ধেমাজিত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা - মানবেন্দ্ৰ প্ৰতাপ সিং

জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে সভাপতিত্ব কৰা সভাত যান-বাহন আইন মানি নচলিলে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগা হয় তাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰা হয়

ধেমাজিত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

By

Published : May 9, 2019, 8:22 PM IST

ধেমাজি , 9 মে': ধেমাজি জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ধেমাজিৰ কাছাৰী ময়দানত পথ সুৰক্ষা সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে সভাপতিত্ব কৰা সভাত যান-বাহন আইন মানি নচলিলে কেনেধৰণৰ ভয়াৱহ দুঘৰ্টনাৰ সন্মুখীন হ'বলগা হয় তাৰ ওপৰতো বিস্তৃতভাৱে আলোকপাত কৰা হয়। ইপিনে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য এনেদৰে বিভিন্ন পথ সুৰক্ষা সজাগতা সম্পৰ্কীয় সভা অনুষ্ঠিত কৰাৰ বিষয়ে অৱগত কৰে জিলা পৰিবহণ বিষয়া মইনুৰুদ্দিন আহমেদে৷

ধেমাজিত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

এই সভাতেই জিলাখনত যানজঁট নিয়ন্ত্ৰণৰ বাবে কেতবোৰ অত্যাধুনিক সঁজুলি আৰক্ষী বিভাগক প্ৰদান কৰা হয় ৷ ইয়াৰ বিপৰীতে হেলমেট পৰিধান নকৰা প্ৰায় ৭০ গৰাকী লোকক ঘাইপথৰ পৰা আনি কাছাৰী ময়দানৰ সভাৰ চৌহদত আৱদ্ধ কৰি আনুষ্ঠানিকভাৱে হেলমেট প্ৰদান কৰা হয়।

ABOUT THE AUTHOR

...view details