অসম

assam

ETV Bharat / state

চবকা সাথ চবকা বিকাশ ! - চবকা সাথ চবকা বিকাশৰ পৰা বহু দূৰৈত এটি গড়কাপ্তানি বিভাগৰ পথ

ৰাজ্যত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি ৷ নিৰ্মাণত তিনিদিন পিছতেই এৰাই হৈছে ধেমাজিৰ এটি গড়কাপ্তানি পথ ৷

ধেমাজিত পথৰ দুৰৱস্থা
ধেমাজিত পথৰ দুৰৱস্থা

By

Published : Dec 28, 2019, 4:04 PM IST

ধেমাজি , ২৮ ডিচেম্বৰঃনিৰ্মাণৰ তিনিদিনৰ পিচতেই ঠায়ে ঠায়ে উন্মুক্ত হৈ পৰিছে ধেমাজি গড়কাপ্তানি বিভাগৰ এটি পথ । ধেমাজি গপাক তিনি আলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথটো পুনৰ মেৰামতি চলি থকা সময়তে ঠায়ে ঠায়ে শিল-আলকাতাৰা মিশ্ৰণ এৰি উন্মুক্ত হৈ পৰিছে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে পথটোৰ ৰজাবাৰী আৰু কানকান চাপৰিত অতি নিম্নমানদণ্ডৰে মেৰামতি কৰিছে । যাৰ ফলত সামান্য ভৰিৰ খোজতেই এৰাই গৈছে শিল-আলকাতাৰাৰ মিশ্ৰণ । সেয়ে পথটোৰ এনেদৰে অনিয়মেৰে মেৰামতি কৰাক লৈ সংশ্লিষ্ট বিভাগ তথা ঠিকাদাৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

ধেমাজিত পথৰ দুৰৱস্থা

For All Latest Updates

ABOUT THE AUTHOR

...view details