অসম

assam

ETV Bharat / state

ধেমাজিত অবৈধ সুৰা জব্দ

ধেমাজি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সিদ্ধেশ্বৰ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে সম্ভেদ অনুসৰি ধেমাজিৰ আৱকাৰী কাৰ্যালয়ৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ গোঁহাইবাৰীৰ বাবা বৰগোঁহাই ঘৰৰ পৰা উদ্ধাৰ কৰে 22 কাৰ্টন অৰুণাচলী সুৰা

By

Published : Mar 22, 2019, 11:24 PM IST

DSDF

ধেমাজি,22 মাৰ্চ: শুকুৰবাৰে ধেমাজিত জব্দ হয় 22 কাৰ্টনঅৰুণাচলী সুৰা ৷ তথ্য অনুসৰি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সিদ্ধেশ্বৰ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলেধেমাজিৰ আৱকাৰী কাৰ্যালয়ৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ গোঁহাই বাৰীৰ বাবা বৰগোঁহাইৰ ঘৰৰ পৰা উদ্ধাৰ কৰে 22কাৰ্টন অৰুণাচলীসুৰা। অৰুণাচলীসুৰাৰবটলত অসমৰ লেবেল লগাই থকাৰ অৱস্থাতে লেবেলসহ সুৰাখিনি জব্দ কৰে আৰক্ষীয়ে । ইপিনে আৰক্ষীৰ উপস্থিতিত পলাই সাৰে বাবা বৰগোঁহাই নামৰ লোকজন ।

ধেমাজিত অবৈধ সুৰা জব্দ


উল্লেখ্য যে , এই দুষ্ট চক্ৰটোৱে দীৰ্ঘদিন ধৰি এনেদৰে অৰুণাচলৰ অবৈধ সুৰাৰ বটলত অসমৰ "চেল ফৰ আচাম" ষ্টিকাৰ লেবেল লগাই জিলাখনৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছিল । ফলস্বৰূপে অৰুণাচলৰ 32টকীয়া মদ 80টকাত বিক্ৰী কৰি আহিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

...view details