ধেমাজি, 5 ছেপ্টেম্বৰ :আজি পবিত্ৰ শিক্ষক দিৱস ৷ বিদ্যালয়ত শিক্ষকতা কৰি জ্ঞানৰ জেউতি বিলোৱা একাংশ শিক্ষকে অৱসৰগ্ৰহণ কৰাৰ পিচতো সমাজৰ হিতৰ হকে ভাবিবলৈ এৰা নাই ৷ আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ কথাও চিন্তা কৰে একাংশ শিক্ষকে ৷ তাৰে এক উৎকৃষ্ট নিদৰ্শন হৈছে ধেমাজি ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ পৰা বিগত বছৰত অৱসৰগ্ৰহণ কৰা বিনা সন্দিকৈ নামৰ শিক্ষয়িত্ৰীগৰাকী ৷
সম্প্ৰতি শিক্ষয়িত্ৰীগৰাকীয়ে অৱসৰ লোৱা পিচতে আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলৰ অভিভাৱক বা আন যিকোনো লোকক আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্য ঘৰতে আৰম্ভ কৰিছে আধুনিক তাঁতশালেৰে ক্ষুদ্ৰ বয়ন শিল্প উদ্যোগ ৷ য’ত বিনামূলীয়াকৈ প্ৰশিক্ষণ লৈ নিজ ঘৰত অথবা শিক্ষয়িত্ৰীগৰাকীৰ তাঁতশালত কাপোৰ প্ৰস্তুত কৰি স্বাৱলম্বী হ’ব পাৰিব ৷
ইতিমধ্যে সাতখন আধুনিক তাঁতশালত বিভিন্ন কাপোৰ তৈয়াৰ কৰিছে শিক্ষয়িত্ৰী বিনা সন্দিকৈয়ে ৷ লগতে স্থানীয় বহুকেইগৰাকী মহিলা আৰু যুৱকে বিনামূলীয়াকৈ তাঁতশালত প্ৰশিক্ষণ লৈছে । আগন্তুক সময়ত আৰু অধিক মহিলাই এই কৰ্মৰ লগত নিয়োজিত হৈ স্বাৱলম্বী হ’ব পাৰিব বুলি বুলি আশা প্ৰকাশ কৰিছে শিক্ষয়িত্ৰী সন্দিকৈয়ে ৷