ধেমাজি, 3 এপ্ৰিল : অৱশেষত সোমবাৰে ধেমাজি আৰক্ষীৰ জালত পৰিল এগৰাকী বিশেষভাৱে সক্ষম মহিলাক শ্লীলতা হানি চেষ্টা কৰাৰ অভিযোগত অভিযুক্ত পঞ্চায়তৰ ৱাৰ্ড সদস্যাৰ স্বামী ৷ নাম বাহাদুৰ দাস ৷ সোমবাৰে অৰুণাচলৰ পাপুনলাৰ পৰা আটক কৰা হয় অভিযুক্ত বাহাদুৰক (Dhemaji Rape accused arrested in Arunachal) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ধেমাজি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে ৷
ধেমাজি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, 11 মাৰ্চৰ দিনা ধেমাজিৰ এৰাধল গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰৰ স্বামী বাহাদুৰ দাসে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নথি প্ৰত্ৰ বিচাৰি ভুক্তভোগী বিশেষভাৱে সক্ষম মহিলাগাৰাকীক মাতি পঠিয়াই ৷ তাৰ পাচতে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অভিযুক্ত বাহাদুৰে বিশেষভাৱে সক্ষম মহিলাগাৰাকীক শ্লীলতা হানিৰ চেষ্টা কৰে (Attempted sexual assault to Specially abled woman) ৷ তাৰ পাচতে উক্ত স্থানৰ পৰা পলায়ন কৰে ধৃত বাহাদুৰ দাস ৷
লগতে পঢ়ক :Jorhat police attack case: পুলিবৰ আৰক্ষীক আক্ৰমণত জড়িত এটা দুৰ্বৃত্তক আটক