অসম

assam

ETV Bharat / state

আৱেগিক হৈ পৰিল শিল্পী যাদৱ ভৰালী - যাদৱ ভৰালী

অসমৰ লোকসংস্কৃতিৰ অন্যতম উপাদান পুতলা নাচক সমাজত জীয়াই ৰখাৰ বাবে থিয়েটাৰ আকাৰত মঞ্চস্থ কৰি আহিছে ধেমাজি জিলাৰ নিলখপুৰ চাৰিআলিৰ যাদৱ ভৰালী নামৰ শিল্পীজনে। আৰ্থিক দুৰৱস্থাকো নেওচি শিল্পীগৰাকীয়ে এই কলাবিধক জীয়াই ৰখাৰ চেষ্টা কৰি আহিছে ৷

আৱেগিক হৈ পৰিল শিল্পী যাদৱ ভৰালী

By

Published : Jul 3, 2019, 1:32 PM IST

ধেমাজি,৩ জুলাই : অসমৰ লোকসংস্কৃতিৰ অন্যতম উপাদান হৈছে পুতলা নাচ। এই পুতলা নাচক সমাজত এক অন্য ৰূপ দিবলৈ থিয়েটাৰ মাধ্যমেৰে মঞ্চস্থ কৰি আহিছে ধেমাজি জিলাৰ নিলখপুৰ চাৰিআলিৰ এজন শিল্পীয়ে। শিল্পীজনৰ নাম যাদৱ ভৰালী। ত্ৰিনয়ন আত্ম সহায়ক গোটৰ সৌজন্যত প্ৰযোজক হিচাপে ২০০৫ চনৰ পৰা জিলাখনৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পীগৰাকীয়ে মঞ্চস্থ কৰি আহিছে এই পুতলা নাচ থিয়েটাৰ । আৰ্থিক দুৰ্বলতাক নেওচি শিল্পীগৰাকীয়ে এই মনোৰঞ্জনধৰ্মী কলাবিধ আগবঢ়াই নিছে। দিন মজুৰি আৰু খৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া ভৰালীয়ে বিপৰ্যয়ৰ মাজতো কলাবিধক সমাজত জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টাত দিনে-নিশাই শ্ৰম কৰি আহিছে। কিন্তু শিল্পীগৰাকীৰ বৰ্তমান আৰ্থিক অৱস্থা অতি দুৰ্বল। উন্নত প্ৰযুক্তি আৰু কলা কৌশলৰ অভাৱত বৰ্তমান কলাবিধক লৈ চিন্তিত হৈ পৰিছে শিল্পীগৰাকী। ইফালে,অৰ্থৰ অভাৱৰ বাবে পুতলাসমূহ ৫ ফুট উচ্চতাৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈছে শিল্পিগৰাকীয়ে। ইতিমধ্যেই ২০১৯-২০বৰ্ষৰ বাবে সাজু হৈ উঠা শিল্পীগৰাকীয়ে বুধবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত নিজৰ কলাবিধক লৈ আৱেগিক হৈ উঠিল।

আৱেগিক হৈ পৰিল শিল্পী যাদৱ ভৰালী

ABOUT THE AUTHOR

...view details