ধেমাজি, ১৬ ডিচেম্বৰ: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই কঢ়িয়াই আনিব পৰা ভয়াৱহতা তথা আন বহুতো তথ্য দাঙি ধৰি সাংবাদিক প্ৰেমানন্দ তালুকদাৰে লিখি উলিয়াইছে 'জলবোমা' শীৰ্ষক এখন গ্ৰন্থ । মঙলবাৰে ধেমাজিৰ প্ৰেছ ক্লাবত গ্ৰন্থখনৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয় । ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি অশ্বিনী দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য পৰ্যালোচক হিচাপে অংশগ্ৰহণ কৰি ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক গোবিন চন্দ্ৰ মেদকে কয় যে, 'নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প লখিমপুৰ, ধেমাজি আৰু মাজুলিবাসীৰ বাবে এতিয়া অভিশাপস্বৰূপ ভয়ংকৰ 'জলবোমা' হৈ পৰিছে ৷'
ধেমাজিত 'জলবোমা' শীৰ্ষক গ্ৰন্থৰ পৰ্যালোচনা সভা - মঙলবাৰে ধেমাজি
মঙলবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় সাংবাদিক প্ৰেমানন্দ তালুকদাৰৰ সদ্য প্ৰকাশিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু নামনি বাসীৰ ভৱিষ্যত 'জলবোমা' শীৰ্ষক গ্ৰন্থৰ পৰ্যালোচনা সভা । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু অনাগত দিনত ৰাইজৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বিস্তৃত ৰূপত ব্যাখ্যা আগবঢ়োৱা হৈছে এই গ্ৰন্থখনত ।
![ধেমাজিত 'জলবোমা' শীৰ্ষক গ্ৰন্থৰ পৰ্যালোচনা সভা ধেমাজিত 'জলবোমা' শীৰ্ষক গ্ৰন্থৰ পৰ্যালোচনা সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9901832-731-9901832-1608125230645.jpg)
তেওঁ লগতে কয় যে, 'এই প্ৰকল্পৰ ক্ৰটি আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্যৰ আধাৰত ধেমাজিৰ সাংবাদিক প্ৰেমানন্দ তালুকদাৰে লিখি উলিওৱা 'জলবোমা' এখন উল্লেখযোগ্য গ্ৰন্থ আৰু ঐতিহাসিক দলিল ৷ এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ ক্ষেত্ৰত তালুকদাৰৰ গ্ৰন্থখনে অনাগত দিনত লখিমপুৰ, ধেমাজি, মাজুলী তথা নামনিবাসী ৰাইজক অধিক সজাগ কৰি তুলিব ৷'
সভাত ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি ড° উমা কান্ত শৰ্মা, প্ৰাক্তন সভাপতি উমেশ খাণ্ডেলীয়া, জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ হাজৰিকা উপস্থিত থাকে । লগতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সভাপতি ভৱেন হালৈসহ বিভিন্ন সংগঠনৰ কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে । এই গ্ৰন্থৰ জৰিয়তে অসমৰ ৰাইজে ২০০০ মেগাৱাট শক্তিসম্পন্ন আৰু ১১৬ মিটাৰ উচ্চতাৰ বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত বিশদ তথ্য জানিব পাৰিব বুলি মন্তব্য কৰে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ।
লগতে পঢ়ক:মালিগাঁৱত ড্ৰাগছসহ দুটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ