ধেমাজি, 7 জানুৱাৰীঃ বিকাশ আৰু পৰিৱৰ্তনে ঢুকি নোপোৱা অসমৰ এটি অঞ্চল ৷ পশ্চিম ধেমাজিৰ ঘুগুহা পঞ্চায়তৰ অন্তৰ্গত ন পামবাসীয়ে দেখা নাই পৰিৱৰ্তনৰ মুখ ৷ অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা বিধ্বস্ত বাহৰ দলঙখনে সম্প্ৰতি বিপদ মাতিছে বহু লোকৰ জীৱনলৈ ৷ অঞ্চলটোৰ সৈতে সংলগ্ন হোৱা যাতায়াতৰ একমাত্ৰ সমল দলঙখনৰ দুৰাৱস্থাৰ ওপৰত আজিকোপতি ৰজাঘৰীয়াৰ সু-দৃষ্টি নপৰিল ৷
পৰিৱৰ্তনে ঢুকি নোপোৱা ধেমাজিৰ এটা অঞ্চল
পশ্চিম ধেমাজিৰ ঘুগুহা পঞ্চায়তৰ অন্তৰ্গত ন পামবাসীয়ে দেখা নাই পৰিৱৰ্তনৰ মুখ ৷ অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা বিধ্বস্ত বাহৰ দলঙখনে সম্প্ৰতি বিপদ মাতিছে বহু লোকৰ জীৱনলৈ ৷
পৰিৱৰ্তনে ঢুকি নোপোৱা ধেমাজিৰ এটা অঞ্চল
উল্লেখ্য যে, 2017 চনতে জীয়াঢলৰ প্ৰলয়ংকাৰী বানপানীয়ে পথটো বিছিন্ন কৰি থৈ যায় ৷ পৰৱৰ্তীসময়ত ধেমাজিৰ বিধায়ক ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাকে আদি কৰি বিভিন্নজনে পথটো পৰিদৰ্শন কৰি দলং নিৰ্মানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিলৈকে সেইয়া বাস্তবায়িত হৈ উঠা নাই ৷ যাৰ ফলত এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷