অসম

assam

ETV Bharat / state

ধেমাজিত এখন দলঙেৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ

পৰিবৰ্তনৰ শ্ল'গানে ঢুকি নোপোৱা পশ্চিম ধেমাজিৰ ঘুগুহা অঞ্চলৰ এটা পথ ৷ পথটোৰ ধোবাবাৰী গাঁৱৰ কেছুখনা জানৰ ওপৰত থকা সুউচ্চ পকী দলং বৰ্তমানো বিভাগীয় বিষয়া, ঠিকাদাৰৰ কৃপাত সম্পূৰ্ণ নহ'ল ৷ যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

ধেমাজিত এখন দলঙেৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ

By

Published : Sep 5, 2019, 12:45 AM IST

ধেমাজি, ৪ চেপ্তেম্বৰঃ চৰকাৰী আঁচনি অথবা চৰকাৰী বিষয়া কৰ্মচাৰীৰ চকুত নপৰা এটা বিশেষ অঞ্চল৷ য'ত গুৰুত্বপূৰ্ণ গ্ৰাম্য পথ বৰ্তমানো নিৰ্মাণ সম্পূৰ্ণ নহ'ল ৷ এই গুৰুত্বপূৰ্ণ পথটো হ'ল পশ্চিম ধেমাজি ঘুগুহা পঞ্চায়তৰ অন্তৰ্গত মৰমী আৰু ধোবাবাৰী অঞ্চল সংযোগী পথ ৷ উল্লেখ্য যে পথটোৰ ধোবাবাৰী গাঁৱৰ কেছুখনা জানৰ ওপৰত থকা সুউচ্চ পকী দলং বৰ্তমানো বিভাগীয় বিষয়া, ঠিকাদাৰৰ কৃপাত সম্পূৰ্ণ নহ'ল ৷ যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷ আনহাতে এই অসম্পূৰ্ণ দলঙৰ ওপৰেৰে দৈনিক বিপদ সংকুল যাতায়ত কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী ৷ স্থানীয় ৰাইজে জনোৱা মতে ১০ বছৰ ধৰি অঞ্চলটো ৰাইজে এইদৰেই যাতায়ত কৰি আহিছে । স্থানীয় ৰাইজে শীঘ্ৰে পথটো দলঙৰ সৈতে সংলগ্ন কৰি যাতায়ত সুচল কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে ৷

ধেমাজিত এখন দলঙেৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ

ABOUT THE AUTHOR

...view details